/asomiyapratidin/media/media_files/2025/10/13/1-2025-10-13-17-37-30.jpg)
ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ ধুবুৰীৰ গৌৰীপুৰত FOOD QUEST ৰেষ্টুৰেণ্টত অনৈতিক কাৰ্যকলাপ চলাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায়। আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। জানিব পৰা মতে, ৰেষ্টুৰেণ্টৰ ভিতৰত যুৱক- যুৱতীক বিশেষ কোঠাত দিয়া হয় বিশেষ সুবিধা।
উল্লেখ্য যে, যুৱক-যুৱতীক কোঠাত বহিবলৈ দি হুক লগাই বন্ধ কৰি দিয়া ভিডিঅ' সামাজিক মাধ্যমত ব্যাপক প্ৰচাৰ হোৱাৰ পিছতেই গৌৰীপুৰ আৰক্ষীয়ে ৰেষ্টুৰেণ্ট খনত অভিযান চলায়।
ৰেষ্টুৰেণ্টত অনৈতিক কাৰ্য্যকলাপ চলি থকা অৱস্থাতেই আৰক্ষীয়ে অভিযান চলাই ৰেষ্টুৰেণ্ট খনৰ স্বত্বাধিকাৰী জাকাৰীয়া ৰহমান (বিট্ট), লগতে ৰেষ্টুৰেণ্ট খনৰ কৰ্মচাৰী আৰু বহু ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় । সম্প্ৰতি গৌৰীপুৰ আৰক্ষীয়ে আটাইকেইজনক আটক কৰি মাৰাথন জেৰা কৰি থকাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।