শীঘ্ৰে আৰম্ভ হ’ব গুৱাহাটী ক্লাৱ-বামুণীমৈদাম সংযোগী উৰণীয়া সেতুৰ কামঃ নিজে পঢ়া বিদ্যালয়লৈ ৩ কোটিৰ অনুদান মুখ্যমন্ত্ৰীৰ…

শীঘ্ৰে আৰম্ভ হ’ব গুৱাহাটী ক্লাৱ-বামুণীমৈদাম সংযোগী উৰণীয়া সেতুৰ কামঃ নিজে পঢ়া বিদ্যালয়লৈ ৩ কোটিৰ অনুদান মুখ্যমন্ত্ৰীৰ…

ডিজিটেল ডেস্কঃ জু-ৰোডত নিৰ্মাণ হ'বলগীয়া উৰণীয়া সেতুৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মঙ্গলবাৰে এই উৰণীয়া সেতুৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এই দুই লেনযুক্ত উৰণীয়া সেতুখন ২০২৩ চনৰ বহাগ বিহুত মহানগৰবাসীয়ে লাভ কৰিব। উল্লেখ্য যে এই উৰণীয়া সেতুখন নিৰ্মাণৰ বাবে ১৮ মাহ সময় নিৰ্ধাৰণ কৰিছে যদিও এটা বছৰৰ ভিতৰতেই উৰণীয়া সেতুখন নিৰ্মাণ সম্পূৰ্ণ কৰি উলিয়াবলৈ লক্ষ্য নিৰ্ধাৰণ কৰিলৈছে নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ গৰাকীয়ে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, এখন ছেটেলাইট চিটী নিৰ্মাণৰ কথা চিন্তা-চৰ্চা কৰি থকা হৈছে। ইফালে এই অনুষ্ঠানতে মহানগৰবাসীৰ বাবে কেইবাটাও প্ৰকল্পৰ কথা ঘোষণা কৰিছে। দিছপুৰ উৰণীয়া সেতু উদ্বোধনী অনুষ্ঠানতে ঘোষণা কৰা গুৱাহাটীৰ পৰা বামুণীমৈদাম সংযোগ কৰিবলগীয়া উৰণীয়া সেতুখনৰো নিৰ্মাণকাৰ্য চলিত বৰ্ষতেই আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে।

আনহাতে ফাঁচীবজাৰত ফুট অভাৰব্রীজৰ কথাও উল্লেখ মুখ্যমন্ত্রীগৰাকীয়ে। ইয়াৰ উপৰিও 'শ্রদ্ধাঞ্জলি কাননৰ পৰা চিৰিয়াখানাক সংযোগ কৰি নিৰ্মাণ কৰা হ'ব আন এখন ফুট অভাৰব্রীজ। মহানগৰীৰ কেবা স্থানতো নিৰ্মাণ কৰা হ'ব শীত-তাপ নিয়ন্ত্রিত বাছ ষ্ট'পেজ। ১৫ কোটি টকা ব্যয়ৰে সজাই-পৰাই তোলা হ'ব গীতা মন্দিৰ, গান্ধী মণ্ডপ। এই সকলো কাম আগন্তুক তিনিটা বছৰৰ ভিতৰত সম্পূৰ্ণ কৰি তোলা হ'ব।

ইফালে নিজৰ জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিজে অধ্যয়ন কৰা নতুন শৰণীয়া প্রাথমিক বিদ্যালয়ত উপস্থিত হয়গৈ। বিদ্যালয়ত মুখ্যমন্ত্রীক কাষতে পাই আৱেগিক হৈ পৰিল তেওঁৰ একালৰ সহপাঠীসকল। বিদ্যালয়খনত উপস্থিত হৈ তেওঁ ৩ কোটি টকাৰ আৰ্থিক অনুদাম আগবঢ়াব বুলিও উল্লেখ কৰে। তেওঁৰ মতে আগন্তুক ২-৩ বছৰৰ ভিতৰত বিদ্যালয়খনে নতুন ৰূপ লাভ কৰিব।

বিদ্যালয়ত উপস্থিত হৈ আৱেগিক হৈ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছে, 'শৈশৱত আদিপাঠ লোৱা গুৱাহাটীৰ গান্ধীবস্তিস্থিত নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয়ত আজি কিছু সময় কটাই নষ্টালজিক হৈ পৰিলোঁ। শ্ৰেণীকোঠাবোৰত আজি আকৌ এবাৰ ভুমুকি মাৰি কেইবা দশক পূৰ্বে সেই কোঠাসমূহতে বহি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ পৰা শিক্ষাগ্ৰহণ কৰা দিনবোৰ স্মৰণ কৰি আৱেগিক হৈ পৰিলোঁ।'

'একাংশ সহপাঠী, শৈশৱৰ শিক্ষাগুৰু শ্ৰদ্ধাৰ শ্ৰীৰেণু বৰুৱা বাইদেউসহ বহুজনে জন্মদিনত যি মৰম যাচিলে তাত আপ্লুত হ'লোঁ। এখন আদৰ্শ শিক্ষানুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ প্ৰাক্তন শিক্ষাৰ্থীসকলক সামৰ্থ্য অনুযায়ী সহায় কৰিবলৈ আহ্বান জনালোঁ। বিদ্যালয়খনৰ বিকাশৰ বাবে চৰকাৰেও ৩ কোটি টকা আগবঢ়াব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in