বিহাৰৰ গৰীবনাথ মন্দিৰত পদপিষ্ট, আহত ২৫

বিহাৰৰ গৰীবনাথ মন্দিৰত পদপিষ্ট, আহত ২৫

ডিজিটেল ডেস্কঃ বিহাৰৰ মুজাফাপুৰৰ গৰীবনাথ মন্দিৰত সোমবাৰে পুৱা এক পদপিষ্ট ঘটনা সংঘটিত হয়। শাওন মাহৰ তৃতীয় সোমবাৰ হোৱা হেতু অৰ্থাৎ আজি মন্দিৰত পৰম্পৰা অনুসৰি পূজা-অৰ্চনাৰ বাবে যথেষ্ট সংখ্যক লোক সমবেত হৈছিল।

মন্দিৰৰ ভিতৰত জলভিশেক অনুষ্ঠানত অংশ ল'বলৈ ভক্তসকলৰ মাজত হেতাওপৰা লাগে। আৰক্ষীৰ উপস্থিতিত নিৰাপত্তাৰক্ষীয়ে ভক্তসকলক নিয়ন্ত্ৰণৰ চেষ্টা চলাইছিল যদিও ২৫জনকৈ ভক্ত আহত হয়।

আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। স্থানীয় প্ৰশাসনে ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in