গনেশ চতুৰ্থী উপলক্ষে নিশাৰে পৰাই উলহ মালহৰ পৰিৱেশ সমগ্ৰ ৰাজ্যত…

গনেশ চতুৰ্থী উপলক্ষে নিশাৰে পৰাই উলহ মালহৰ পৰিৱেশ সমগ্ৰ ৰাজ্যত…

ডিজিটেল ডেস্ক : অসমৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰত নিশাৰে পৰাই পৰিলক্ষিত হ'ল ভক্তগণৰ লানি নিছিগা শাৰী । তাৰ উপৰিও বহুতৰ বাসগৃহত দেখা গ'ল ব্যক্তিগত বন্দনা | লামডিঙত যোৱাটো নিশাৰ পৰাই দেখা গ'ল উলহ-মালহৰ পৰিৱেশ । গণেশৰ প্ৰতিমাৰে উপচি পৰিল ৰাজ্যখন । অসমৰ হৃদপিণ্ডস্বৰূপ গুৱাহাটীও নহ'ল ইয়াৰ ব্যতিক্ৰম । গণেশগুৰি, লতাশিল খেলপথাৰৰ সমুখৰ আৰু নিউ গুৱাহাটীৰ গণেশ মন্দিৰ তিনিটিত ভগৱান গৰাকীৰ প্ৰিয় খাদ্যৰ সৈতে দেখা হ'ল অজস্ৰ লোকক ।

উল্লেখ্য যে, গনেশ চতুৰ্থী বুলি ক'লেই মনলৈ অহা মহাৰাষ্ট্ৰটো এইবাৰ চৰকাৰে ২০২০ চনৰ পাছত প্ৰথম বাৰলৈ বাতিল কৰিছে কভিডৰ নিষেধাজ্ঞাসমূহ যাৰ ফলত অতি আড়ম্বৰপূৰ্ণ ভাৱে আয়োজন কৰা হৈছে গণেশ চতুৰ্থীৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in