এগ্নেছৰ স্বাস্থ্যৰ সামান্য উন্নতি, সৰ্বোচ্চ ন্যায়ালয় পালে মেঘালয়ৰ কয়লা মাফিয়াৰ আক্ৰমণ কাণ্ড

এগ্নেছৰ স্বাস্থ্যৰ সামান্য উন্নতি, সৰ্বোচ্চ ন্যায়ালয় পালে মেঘালয়ৰ কয়লা মাফিয়াৰ আক্ৰমণ কাণ্ড

ডিজিটেল সংবাদ, শ্বিলংঃ মেঘালয় বিধানসভাৰ মহিলা সৱলীকৰণৰ সপক্ষে কাম কৰা এখন কমিটিয়ে গুৰুত্ব সহকাৰে লৈছে সমাজকৰ্মী এগ্নেছ খাৰছিঙ আৰু তেওঁৰ সহযোগী অমিতা চাংমাক আক্ৰমণৰ ঘটনা। মেঘালয়ৰ দুৰ্নীতি বিৰোধী আন্দোলনৰ সক্ৰিয় কৰ্মী এগ্নেছ খাৰছিঙ আৰু তেওঁৰ সহযোগী অমিতা চাংমাৰ ওপৰত আক্ৰমণ সংঘটিত কৰা ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দুৰ্নীতিৰ বিৰোধিতা জনোৱাৰ লগতে নাৰীৰ অধিকাৰৰ হকে সংগ্ৰাম কৰি অহা মহিলা নেত্ৰী দুগৰাকীক ৮ নৱেম্বৰত ৰাজ্যখনৰ পূব জয়ন্তীয়া হিলছত অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰে। উল্লেখ্য যে লেড ৰিমবাইৰ পৰা অবৈধ কয়লা সৰবৰাহৰ বিৰুদ্ধে আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি শ্বিলঙৰ অভিমুখে গৈ থাকোতে এই ঘটনা সংঘটিত হৈছিল।

মঙলবাৰে কিছু পৰিমানে সুস্থ হৈছিল যদিও পুনৰ তেওঁ এতিয়া লাইফ ছাপৰ্ট ছিষ্টেমত আছে। ইফালে মঙলবাৰে প্ৰকাশ কৰা এখন চিকিৎসকৰ প্ৰতিবেদনৰ মতে, সহযোগী অমিতা কিছু পৰিমানে সুস্থ হৈ আছে। তেওঁ খোৱা, কথা পতা ইত্যাদি কৰিবলৈ সক্ষম হৈছে। নৰ্থ ইষ্টাৰ্ণ  ইন্দিৰা গান্ধী ৰেজিঅ'নেল ইনষ্টিটিউট অৱ হেলথ এণ্ড মেডিকেল ছায়েঞ্চৰ জনসম্পৰ্কৰক্ষী বিষয়া ডাঃ কে কে পণ্ডিতায়ে সদৰি কৰা চিকিৎসা প্ৰতিবেদনখনৰ মতে, এগ্নেছৰ অৱস্থা বিয়লি ২ বজাৰ পর্যন্ত তেখেতে চেতনতা ঘূৰাই পোৱাৰ লগতে কিডনিৰ অৱস্থা কিছু ভাল হৈছে। কিন্তু বৰ্তমানলৈ চিকিৎসকে এগ্নেছক সম্পূৰ্ণ ৰোগমুক্ত বুলি ঘোষণা কৰা নাই।

শ্বিলঙৰ মহিলা সৱলীকৰণৰ দলটোৱে ১৫ নৱেম্বৰত বিধায়ক আবাসত মিলিত হ'ব। কমিটীখনৰ মহিলা এগৰাকী সদস্যই জনোৱা  মতে, তেওঁলোকে আৰক্ষীৰ পৰা ঘটনাৰ সবিশেষ তথ্য বিচাৰিব। কিয়নো এনে ঘটনাই মাত্ৰ মহিলা সকলকে নহয় সকলো নাগৰিকৰ বাবে ভয়াৱহ পৰিবেশৰ সূচনা কৰিছে।

ইফালে কয়লা মাফিয়াই এগ্নেছ খাৰছিঙক আক্ৰমণ চলোৱা বিষয়টো সোমবাৰে উচ্চতম ন্যায়ালয় পায়গৈ। অহা ৩ দিনৰ ভিতৰত বিষয়টো সন্দৰ্ভত এখন আবেদন দাখিল কৰা হ'ব। উচ্চতম ন্যায়ালয়ত এই বিষয়টো উত্থাপন কৰে জ্যেষ্ঠ অধিবক্তা তথা মানৱ অধিকাৰ কৰ্মী কলিন গঞ্জালভেজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in