শংকৰদেৱ শিক্ষা নিকেতন, গহপুৰৰ নিজা ৱেবচাইট মুকলি…

শংকৰদেৱ শিক্ষা নিকেতন, গহপুৰৰ নিজা ৱেবচাইট মুকলি…

ডিজিটেল সংবাদ, ছয়দুৱাৰ: বিদ্যাৰ মন্দিৰত প্ৰজ্ঞাৰ বন্তি জ্বলাই অতি কম সময়ৰ ভিতৰতে উত্তৰ অসমৰ শৈক্ষিক ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰি এক নতুনত্ব প্ৰদান কৰিবলৈ সক্ষম হোৱা গহপুৰ মহকুমাৰ অন্তৰ্গত সোলেঙীৰ শংকৰদেৱ শিক্ষা নিকেতন(গহপুৰ)ত দেওবাৰৰ পৰা সংযোজিত হৈছে এক নতুন পাঠ্যক্ৰমৰ।

শৈল্যজা সংকল্প ট্ৰাষ্টৰ উদ্যোগত প্ৰতিষ্ঠা লাভ কৰা শংকৰদেৱ শিক্ষা নিকেতন, গহপুৰত আজিৰে পৰা ৰাজস্থান "KOTA"ৰ এটা উল্লেখযোগ্য কছিং ইনষ্টিটিউট "MOTION"ৰ দ্বাৰা মেডিকেল, ইঞ্জিনিয়াৰিং, অল্পিম্পিয়াড, NEET, JEEকে ধৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰবেশিকা প্ৰস্তুতিৰ বাবে নিয়মীয়া পাঠদানৰ শুভাৰম্ভ কৰাৰ উপৰিও বিবেকানন্দ চিভিল চাৰ্ভিছ একাডেমীৰ অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে ইউপিএছচি আৰু এপিএছচি প্ৰৱেশিকা পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে নিয়মীয়া পাঠদানৰ শুভাৰম্ভ কৰা হয়।

সেই উপলক্ষে শংকৰদেৱ শিক্ষা নিকেতনৰ অধ্যক্ষ ডঃ যুগল বৰাৰ সঞ্চালনাত বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত এখন অভিভাৱক সন্মিলন অনুষ্ঠিত হয়।শৈক্ষিক পঞ্জীয়ক তথা পদাৰ্থ বিজ্ঞান বিষয়ৰ বিষয় শিক্ষক জয়ন্ত শইকীয়াই আত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অঞ্জন কুমাৰ ওজাই কয় যে- শৈল্যজা সংকল্প ট্ৰাষ্টৰ সভাপতিৰ দায়িত্বত থকা গহপুৰৰ সুযোগ্য সন্তান উদয় আদিত্য গোস্বামীৰ মহৎ প্ৰচেষ্টাত গঢ় লৈ উঠা শংকৰদেৱ শিক্ষা নিকেতনে কেবল গহপুৰতেই নহয়,সমগ্ৰ উত্তৰ অসমৰ শৈক্ষিক জগতত এক নতুনত্ব প্ৰদান কৰি ছাত্র-ছাত্ৰী সকলৰ মাজত শৈক্ষিক প্ৰতিযোগিতামূলক ভাব অধিক বৃদ্ধি কৰি তুলিব।

গুৱাহাটীত প্ৰতিষ্ঠিত হ'লেও শিপা পাহৰি নগৈ জন্ম ভূমি গহপুৰত এখন সুস্থ বিদ্যায়তনিক পৰিবেশৰ মানৱ সম্পদ গঢ়াৰ কমাৰশাল গঢ় দি নিজৰ কৰ্মদক্ষতাৰ পৰিচয় ডাঙি ধৰা উদয় আদিত্য গোস্বামীয়ে শংকৰদেৱ শিক্ষা নিকেতনত অধ্যয়ন কৰা ছাত্র-ছাত্ৰীসকলক ৰাজস্থান ক'টাৰ অন্যতম কছিং ইনষ্টিটিউট ম'শ্বন আৰু বিবেকানন্দ চিভিল চাৰ্ভিছ একাডেমিৰ অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে বিভিন্ন প্ৰতিযোগিতা মূলক প্ৰৱেশিকা পৰীক্ষাৰ প্ৰস্তুতিৰ নিয়মীয়া পাঠদানৰ যি শুভাৰম্ভ কৰিছে ইয়াৰ জৰিয়তে গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব বুলি ড: অঞ্জন কুমাৰ ওজাই ভাষণত উল্লেখ কৰে।

গ্ৰামাঞ্চলৰ ছাত্র-ছাত্ৰী সকলৰ বহু মেধা শক্তি আছে।কিন্তু পৰিবেশ-পৰিস্থিতিৰ অভাৱত তেনেধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত বহাৰ সুযোগ নাপায় গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে। কিন্তু এতিয়া গহপুৰৰ দৰে অঞ্চলৰ শিক্ষানুষ্ঠানত এনেধৰণৰ পাঠ্যক্ৰমৰ সংযোজনে গ্ৰামাঞ্চলৰ ছাত্র-ছাত্ৰীসকলৰ মাজত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰি কয় যে- ৰাষ্ট্ৰপতিৰ পুৰস্কাৰেৰে সন্মানিত শিক্ষানুষ্ঠান খনৰ অধ্যক্ষ ডঃ যুগল বৰাৰ বলিষ্ঠ পদক্ষেপত পৰিচালিত শংকৰদেৱ শিক্ষা নিকেতন,গহপুৰে কেবল পাঠ্যক্ৰমৰ পাঠৰ ওপৰতে সীমাবদ্ধ নাৰাখি নৈতিক শিক্ষা, সংস্কৃতি শিক্ষা, শাৰীৰিক শিক্ষা আৰু শিপা ধৰি ৰখাৰ শিক্ষা দিয়াৰ ওপৰতো গুৰুত্ব প্ৰদান কৰি আহিছে।সভাখনত ডঃ ওজাই শংকৰদেৱ শিক্ষা নিকেতনৰ নিজা ৱেবচাইট ssngohpur.000webhostapp.com আনুষ্ঠানিকভাৱে মুকলি কৰে।

কম্পিউটাৰ বিজ্ঞান বিষয়ৰ প্ৰশিক্ষক ভাস্কৰ শইকীয়াই প্ৰস্তুত কৰা উক্ত ৱেবচাইটটোৰ জৰিয়তে নামভৰ্তিৰ প্ৰক্ৰিয়া, প্ৰছপ্ৰেকটাছ, মাছুল আদায়কে ধৰি বিভিন্ন পদ্ধতি উপলদ্ধ হ'ব।তদুপৰি এই বেৱছাইটোত বিদ্যালয় খনৰ বিতং তথ্য উল্লেখ আছে।শংকৰদেৱ শিক্ষা নিকেতন আৰু শৈল্যজা সংকল্প ট্ৰাষ্টৰ সভাপতি উদয় আদিত্য গোস্বামীয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত কছিং ইনষ্টিটিউট ম'শ্বনৰ পৰিচালন সঞ্চালক শংশাঙ্ক হাজৰিকা, পদাৰ্থ বিজ্ঞান বিষয়ৰ প্ৰশিক্ষক বিনিত চুক্লা,বিবেকানন্দ চিভিল চাৰ্ভিছ একাডেমীৰ প্ৰশিক্ষক অংকিত সিং আৰু শিবেন্দ্ৰ সিং উপস্থিত তেওঁলোকৰ লক্ষ্য-উদ্যেশ্য আৰু শিক্ষা প্ৰণালীৰ বিষয়ে বহল বাখ্যা আগবঢ়াই।ভাষণত শশাংক হাজৰিকাই কয় যে ৰাইট কেৰিয়াৰ আৰু ৰাইট ডাইৰেকছনৰ জৰিয়তে শ্ৰেষ্ঠতম মানৱ সম্পদ গঢ় দিয়াটোৱেই তেওঁলোকৰ প্ৰধান লক্ষ্য।

শংকৰদেৱ শিক্ষা নিকেতনৰ লগত জড়িত হবলৈ পায় তেওঁলোক গৌৰাম্বিত বুলি উল্লেখ কৰে শশাংক হাজৰিকাই।সভাখনত গহপুৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই ভাষণ প্ৰদান কৰি কয় যে প্ৰতিষ্ঠিত ব্যৱসায়ী,যুৱ সমাজকৰ্মী উদয় আদিত্য গোস্বামীয়ে নিজৰ জন্মভূমিত সেৱাৰ মনোভাবেৰে প্ৰতিষ্ঠা কৰা এই আবাসীক বিদ্যলয়খনে গ্ৰামাঞ্চলৰ ছাত্র-ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিব।

নম্বৰৰ পিছত দৌৰ নামাৰি প্ৰতিটো পাঠ খৰচি মাৰি পঢ়ি জ্ঞানৰ ভড়াল চহকী কৰাৰ ওপৰতহে গুৰুত্ব দিবলৈ ছাত্র-ছাত্ৰী সকলৰ প্ৰতি আহ্বান জনায় শুভলক্ষ্মী দত্তই কয় যে প্ৰতিযোগিতামূলক পৰীক্ষাত অবৰ্তীণ হব বিচৰা ছাত্র-ছাত্ৰী সকলে নিয়মীয়াকৈ বাতৰি কাকত পঢ়িব লাগে।বাতৰি কাকতৰ সম্পাদকীয় পৃষ্ঠাত বহু সমল পোৱা যায় বুলিও উল্লেখ কৰে তেওঁ। উদয় আদিত্য গোস্বামীৰ মাতৃ স্বৰ্ণলতা গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰা সভাখনত শিক্ষাবিদ যতীন মহন্ত,দ্ৰোণেশ্বৰ হাজৰিকা, প্ৰদীপ দত্ত,বেদব্ৰত বৰা,ছাত্র নেতা প্ৰজ্ঞান ভূঞা, ধ্ৰুৱজ্যোতি বৰা,কমলজিৎ দত্ত,নিলোৎপল ৰবিদাস,দিব্যজ্যেতি ভূঞা, অৰুপ জ্যোতি ভূঞা,পংকজ মহানন্দ আদি উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in