পুৱাৰ আহাৰকলৈ গহপুৰ কোভিড হাস্পতালত উত্তেজনা…

পুৱাৰ আহাৰকলৈ গহপুৰ কোভিড হাস্পতালত উত্তেজনা…

ডিজিটেল ডেস্কঃ কোভিড হাস্পতালত সময়ত খাদ্য যোগান নধৰাকলৈ গহপুৰত উত্তেজনা। অভিযোগ অনুসৰি গহপুৰৰ কলাবাৰী আদৰ্শ কোভিড হাস্পতালখনত দেওবাৰে পুৱা দহ বজালৈকে খাদ্য সামগ্ৰী যোগান ধৰা হোৱা নাছিল।

যাৰ ফলত হাস্পতালখনত চিকিৎসাধীন হৈ থকা কোভিড আক্ৰান্ত ৰোগী সকলে কতৰ্ব্যৰত স্বাস্থ্য কৰ্মীক নিৰাপত্তাৰক্ষীৰ সন্মুখতে দুৰ্ব্যৱহাৰ কৰি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা কৰে।

জানিব পৰা মতে শনিবাৰে বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকৰ ১২ জনকৈ নিৰাপত্তাৰক্ষীক কোভিড আক্ৰান্ত হোৱাৰ বাবে বিশ্বনাথ পুলিচ ৰিজাৰ্ভৰ পৰা কলাবাৰী আদৰ্শ কোভিড হাস্পতাললৈ অনা হৈছিল।

উল্লেখ্য যে নিৰাপত্তাৰক্ষীকেইজনৰ লগতে মুঠ ২২ জন কোৰোনা আক্ৰান্ত ৰোগী হাস্পতালখনত বৰ্তমান চিকিৎসাধীন হৈ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in