গহপুৰত ব্যৱসায়ীলৈ দুৰ্বৃত্তৰ গুলীচালনা, জি এম চি এইচত নাপালে বিনামূলীয়া চিকিৎসা

গহপুৰত ব্যৱসায়ীলৈ দুৰ্বৃত্তৰ গুলীচালনা, জি এম চি এইচত নাপালে বিনামূলীয়া চিকিৎসা

গহপুৰত ব্যৱসায়ীলৈ দুবৃত্তৰ গুলী… জি এম চিত অস্ত্ৰোপচাৰ কৰোৱা বাবে পঞ্চাশ হাজাৰ ভৰিলে যোগেন্দৰৰ পৰিয়ালে

ডিজিটেল সংবাদ, উত্তৰ অসমঃ দুৰ্গা পূজালৈ মাজত মাথোঁ দুটা দিন বাকী থকা অৱস্থাত যোৱা নিশা গহপুৰত সংঘটিত হয় এক গুলীচালনাৰ ঘটনা। নিশা ৯.৩০ মান বজাত পুৰুপবাৰী চেন্টাৰৰ নিজৰ গেলামালৰ দোকান বন্ধ কৰি গহপুৰৰ পুৰুপবাৰীৰ চেম্টাৰৰপৰা প্ৰাঞ্জল নগৰৰ ঘৰলৈ ঘূৰি আহি থকা অৱস্থাত সংঘটিত ঘটনাটো।

স্কুটী লৈ আহি থকা অৱস্থাত যোগেন্দৰ শ্বাহ নামৰ ব্যৱসায়ী গৰাকীক প্ৰাঞ্জল নগৰলৈ সোমোৱা পথত আগচি ধৰি স্কুটীৰ চাবি লৈ পকেটত হাত ভৰাই ধন লুট কৰিবলৈ চেষ্টা কৰে দুজন অচিনাক্ত যুৱকে। শ্বাহে বাধা দিয়াত শূন্য দূৰত্বৰপৰা পিষ্টলৰে গুলী ফুটাই ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ পলায়ন কৰে।

নিজৰ বাসগৃহৰপৰা মাত্ৰ ২০০ মিটাৰ দূৰত্বত সংঘটিত ঘটনাটোত যোগিন্দৰৰ পেটৰ মাজেৰে এটা গুলী সোমাই ওলাই যোৱাৰ লগতে এটা গুলী হাতৰ মাংসপেশীৰ ভিতৰত ৰৈ যায়। কিছু সময়ৰ পিছতে তেওঁক গহপুৰ চিভিল হস্পতালত ভৰ্তি কৰোৱা হয় আৰু পিছত তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।

তেজপুৰৰ পৰা গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰাৰ পাছত শনিবাৰে পুৱা অপাৰেচন কৰি তেওঁৰ হাতৰ পৰা গুলীটো বাহিৰ কৰা হয়। গেলামালৰ দোকান এখন দি সাধাৰণভাবে চলি থকা যোগেন্দৰক আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদত আৰু দোষীক গ্ৰেপ্তাৰৰ দাবীত আজি পুৱাৰেপৰা দুপৰীয়া ১২ বজালৈকে পুৰুপবাৰী চেন্টাৰ বন্ধ ৰখা হয়।

ইফালে, ঘটনা সন্দৰ্ভত গহপুৰ আৰক্ষীয়ে দুজনক সোধপোছৰ বাবে আটক কৰিছে যদিও তদন্তৰ খাতিৰত একো কোৱা নাই। লক্ষণীয় যে, আৰক্ষী-নিৰাপত্তাৰক্ষী থকা সময়তে গহপুৰ থানাৰপৰা মাথোঁ ডেৰ কিলোমিটাৰ নিলগত শুকুৰবাৰে নিশা সংঘটিত হৈছিল এই ঘটনা। ২০০৯ চনৰ ১৩ জুলাইতো গহপুৰ চহৰৰ মাজমজিয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠানতে বিশিষ্ট ব্যৱসায়ী তথা সংবাদসেৱী প্ৰকাশ হাজৰিকাক উগ্ৰপন্থীয়ে গুলিয়াই হত্যা কৰিছিল।

ইতিমধ্যে গহপুৰৰ বিধায়ক উৎপল বৰাই পুৱাভাগত ঘটনাস্থলীৰ লগতে পুৰুপবাৰী চেন্টাৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱা লগতে আৰক্ষীক অতি শীঘ্ৰে চিনাক্ত কৰি দোষীক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক দিগন্ত চৌধুৰীয়ে গহপুৰলৈ আহি পৰিস্থিতি বুজ লোৱা লগতে আৰক্ষী বিষয়াৰ লগত দীৰ্ঘ সময় গহপুৰ থানাত এক আলোচনাত মিলিত হয়।

মাছৰ গহপুৰ আঞ্চলিক সমিতিয়েও দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী তুলিছে। কেন্দ্ৰীয় সচিব ৰিতুল বৰুৱা নেতৃত্বত এটি প্ৰতিনিধি দলে আৰক্ষী অধীক্ষককো সাক্ষাৎ কৰি তদন্ত ক্ষীপ্ৰ কৰি তুলিবলৈ দাবী জনায়। আনহাতে, অচিনাক্ত দুৰ্বৃত্তৰ গুলীত গুৰুত্বৰভাবে আহত ক্ষুদ্ৰ ব্যৱসায়ী যোগিন্দৰৰ পৰিয়ালে অপাৰেচনকে ধৰি অন্যান্য যাৱতীয় খৰচৰ নামত এতিয়ালৈকে পঞ্চাশ হাজাৰো অধিক টকা দিব লগা হৈছে।

দুৰ্বৃত্তৰ গুলীত আহত হৈ এইদৰে চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত এদিনতে অৰ্ধ লক্ষ টকা খৰচ কৰিবলগীয়া হোৱা বিষয়টো সহজভাৱে ল'ব পৰা নাই বহুতে। মাছৰ কেন্দ্ৰীয় সচিব ৰিতুল বৰুৱাই তেওঁৰ চিকিৎসা বিনামূলীয়াকৈ কৰিবলৈ চৰকাৰৰ ওচৰত দাবীও জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in