বৰপেটাত জিএল আগৰৱালালৈ শ্ৰদ্ধাঞ্জলি

বৰপেটাত জিএল আগৰৱালালৈ শ্ৰদ্ধাঞ্জলি

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটাত দেওবাৰে প্ৰয়াত ঘিচালাল আগৰৱালালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বৰপেটা জিলা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হয় এই কাৰ্যসূচী। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত বৰপেটা জিলা সাহিত্য সভাৰ কাৰ্যালয়ত এখন স্মৃতিচাৰণ সভাও অনুষ্ঠিত হয়।

সভাখনত জিলা সাহিত্য সভাৰ কেইবাগৰাকী প্ৰাক্তন সভাপতি, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মুকুন্দ শৰ্মাৰ লগতে কেইবাগৰাকী বিশিষ্ট লোকে জি এল আগৰৱালাৰ কৰ্মৰাজী আৰু সমাজৰ প্ৰতি থকা আগৰৱালাৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে।

উক্ত স্মৃতিচাৰণ সভাতেই "শ্ৰদ্ধাৰ্ঘ" নামৰ এখনি স্মৰণিকা উন্মোচন কৰা হয়। স্মৰণিকাখন উন্মোচন কৰে বৰপেটা জিলাৰ প্ৰাক্তন উপায়ুক্ত তথা বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰে। মালাকাৰে উন্মোচনী ভাষণৰ লগতে জি এল আগৰৱালাৰ লগত তেখেতৰ সান্নিধ্যৰ কথা ব্যক্ত কৰাৰ উপৰিও আগৰৱালাই অসম সাহিত্য সভাৰ হকে কৰা কামবোৰৰ খতিয়ান দাঙি ধৰে।

বৰপেটা জিলাৰ বৰপেটা সদৰ অথবা বৰপেটা ৰোডত আগৰৱালাৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে মালাকাৰে। ইয়াৰ উপৰিও মালাকাৰে আগৰৱালাৰ আত্মজীৱনী "ঋতুৰ পৰা ঋতুলৈ" প্ৰকাশ কৰি উলিয়াবলৈ উক্ত সভাতেই বৰপেটা জিলা সাহিত্য সভাক আহ্বান জনায়। উল্লেখ্য যে, যোৱা ৩১ জানুৱাৰীত পৰলোকপ্ৰাপ্তি ঘটে জি এল আগৰৱালাৰ। মৃত্যুৰ সময়ত বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি আছিল জি এল আগৰৱালাই৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in