শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

কোৰোনাৰ সংক্ৰমন ৰোধ কৰিবলৈ একমাত্ৰ উপায় হৈছে লকডাউন : ৰাহুল গান্ধী

582

ডিজিটেল ডেস্ক : দেশত কোভিডৰ সংক্ৰমনে বিভীষিকাৰ সৃষ্টি কৰিছে । যোৱা ১৩ দিন ধৰি একেৰাহে তিনি লাখৰো অধিক কোভিডত আক্ৰান্ত হৈছে। কোভিড নিয়ন্ত্ৰণৰ বাবে কেইবাখনো ৰাজ্যই কঠোৰ প্ৰতিবন্ধকতা আৰোপ কৰা স্বত্বেও, পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণ কৰা হোৱা নাই। ইফালে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশত লকডাউনৰ দাবী জনাইছে। ৰাহুল গান্ধীয়ে কৈছিল যে কৰোনা সংক্ৰমণ ৰোধ কৰাৰ একমাত্ৰ উপায় হৈছে লকডাউন।

ৰাহুল গান্ধীয়ে মঙলবাৰে টুইট যোগে কয় যে – “চৰকাৰে বুজি পোৱা নাই। কেৰোনাৰ সংক্ৰমন প্ৰতিহত কৰাৰ একমাত্ৰ উপায় হৈছে এতিয়া সম্পূৰ্ণ লকডাউন। ইয়াৰ মাজতে, সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ বাবে ন্যায় (এন.ৱাই.এ.ৱাই.) সুৰক্ষিত কৰিব লাগে। ভাৰত চৰকাৰৰ নিষ্ক্ৰিয়তাৰ ফলত বহুতো নিৰীহ লোকৰ মৃত্যু হৈছে ।”

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি