আজিও বঞ্চিত অৱহেলিত শ্বহীদৰ পৰিয়ালঃ এখনি বস্ত্ৰ, এমুঠি খাদ্যৰ বাবে অব্যাহত কঠোৰ জীৱন সংগ্ৰাম

আজিও বঞ্চিত অৱহেলিত শ্বহীদৰ পৰিয়ালঃ এখনি বস্ত্ৰ, এমুঠি খাদ্যৰ বাবে অব্যাহত কঠোৰ জীৱন সংগ্ৰাম

ডিজিটেল সংবাদ, ৰহাঃ দেশে স্বাধীনতা লাভ কৰা ৭টা দশক পাৰ হ'ল৷ এই ৭টা দশকত বহু ৰাজনৈতিক দলে শাসনৰ বাঘজৰি হাতত ল'লে, বহু নেতাই শাসন কৰিলে দেশ৷ পৰিবৰ্তণ বহু হ'ল কিন্তু এই ৭টা দশকত পৰিবৰ্তন নহ'ল মাথো বহু শ্বহীদ পৰিয়ালৰ দুৰ্দশাময় জীৱনৰ৷ হয়, স্বাধীনতা লাভ কৰাৰ ৭২টা বৰ্ষৰ পাচতো বহু শ্বহীদ পৰিয়ালে আজিও এখনি বস্ত্ৰ, এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ যিসকল মহান শ্বহীদৰ অশেষ ত্যাগৰ ফলত দুশ বছৰীয়া পৰাধীনতাৰ শিকলি ছিঙি ঘন ক'লা আন্ধাৰত ডুব গৈ থকা ভাৰত ভূমিলৈ নামি আহিছিল স্বাধীনতাৰ ৰ'দালি সেইসকল মহান শ্বহীদৰ বহু পৰিয়ালে আজিও একাংশ ভ্ৰষ্টাচাৰী, ক্ষমতালোভী ৰাজনৈতিক নেতাৰ অৱহেলাৰ বাবেই কৰুণ জীৱন কটাবলৈ বাধ্য হৈছে৷

দুৰ্দশাময় জীৱন কটাবলৈ বাধ্য হৈছে আন বহ শ্বহীদৰ পৰিয়ালৰ দৰেই পঞ্চ ছহিদৰ পূণ্যভূমি ৰহাৰ নিকটৱৰ্তী বাৰপূজীয়াৰ পঞ্চ ছহিদৰে অন্যতম হেমৰাম পাটৰৰ পৰিয়ালে৷ ৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ ভৰপক সময়ত ৰহাৰ জোঙালবলহু গড়ত ট্ৰাংক ৰোডত থকা দলং জ্বলাবলৈ আহি ব্ৰিটিছৰ গুলীত প্ৰাণ হেৰুৱাইছিল তেতিয়াৰ চফল ডেকা হেমৰাম পাটৰে৷ একেলগে ছহিদ হৈছিল গুনাভি বৰদলৈ৷

দেশৰ বাবে প্ৰাণ আহুতি দিয়া বাৰপুজীয়াৰ হেমৰাম পাটৰৰ পৰিয়াল এতিয়া কেনেকৈ চলিছে জানেনে? স্বাধীনতাৰ ৭২বছৰৰ পাছতো ছহিদ হেমৰাম পাটৰৰ পৰিয়ালে নাপালে ৰাজ্য কিম্বা কেন্দ্ৰীয় চৰকাৰৰ সুদৃষ্টি৷ দেশৰ বাবে প্ৰাণ আহুতি দিয়া হেমৰাম পাটৰৰ ভৱিষ্যত প্ৰজন্ম তথা ভতিজা, নাতি-নাতিনীহঁতে এঁসাজ খাই আন সাজৰ বাবে চিন্তা কৰিবলগীয়া পৰিবেশ এতিয়া৷

নিজৰ সামান্য মাটিত খেতি কৰাৰ লগতে আনৰ ঘৰত দিন হাজিৰা কৰি এতিয়া চলিবলগীয়া কৰুণ পৰিবেশ৷ হেমৰাম পাটৰৰ ভতিজা ৰত্নেশ্বৰ পাটৰৰ পৰিয়াল আজিও অৱহেলিত হৈ ৰ'ল৷ যিয়ে দেশৰ বাবে প্ৰাণাহুতি দিলে তেওঁৰ পৰিয়াল আজি দেশৰ ভিতৰতে অৱহেলিত, বঞ্চিত৷ এটা সাধাৰণ ঘৰতে জীৱন-যাপন কৰি কঠোৰ পৰিশ্ৰমৰে ভাত মুঠি মোকলাই আছে ছহিদ হেমৰাম পাটৰৰ পৰিয়ালে৷

চৰকাৰৰ আজিও সুদৃষ্টি নপৰিল পৰিয়ালটোৰ ওপৰত। চৰকাৰী সা-সুবিধাৰ পৰা পৰিয়ালটো বঞ্চিত হৈ ৰোৱাত স্থানীয় লোকৰো আক্ষেপ৷ ছহিদজনাৰ পৰিয়ালে উপযুক্ত সন্মান পাওক, উপযুক্ত সুবিধা পাওক- এতিয়া এয়াই কামনা সকলোৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in