অৰুণাচলত সন্ধানহীন অসমৰ চাৰি যুৱক…

অৰুণাচলত সন্ধানহীন অসমৰ চাৰি যুৱক…

ডিজিটেল সংবাদ নগাঁও: পুনৰ অৰুণাচলত সন্ধানহীন হৈছে অসমৰ ৪ যুৱক ৷ ইয়াৰে দুজন যুৱক নগাঁৱৰ ৷ যোৱা ১৯ জুলাইৰ পৰা এই চাৰি যুৱক সন্ধানহীন হৈ আছে। যাৰ বাবে সৃষ্টি হৈছে চাঞ্চল্য।

সন্ধানহীন হোৱা ৪ যুৱক হৈছে নগাঁৱৰ কন্দলিৰ নয়ন বসুমতাৰী (৩০), নগাঁও চহৰৰ লাওঁখোৱা পথৰ বেদান্ত বৰমেহলা(৩০), সোনাপুৰৰ হিৰক বড়ো(৩২) আৰু ৰঙাপাৰাৰ সঞ্জীব দাস(৩৪) ৷

চাৰিজনীয়া দলটো ১৯ জুলাইত এখন গাড়ীৰে অৰুণাচললৈ গৈছিল ৷ এ এছ ০১ বিপি ০৬০৫ নম্বৰৰ গাড়ীখনৰে অৰুণাচললৈ যোৱাৰ পথত সন্ধানহীন হয় তেওঁলোক ৷ চেচা আৰু দিৰাঙ পথৰ পৰা সন্ধ্যা সময়ৰ পৰা ৪ যুৱক সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in