জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষ, নিহত ৪ সন্ত্ৰাসবাদী

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ বাৰামূলাত বুধবাৰে নিশা নিৰাপত্তাৰক্ষীৰে সৈতে হোৱা তুমুল সংঘৰ্ষত নিহত হৈছে ৪ সন্ত্ৰাসবাদী। এই সংঘৰ্ষ পুৱতি নিশালৈকে চলা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে মঙলবাৰে অবন্তীপোৰা নামৰ ঠাইখনৰ পৰা আব্দুল মাজিদ শ্বাহ নামৰ এজন সন্ত্ৰাসবাদী সদস্যক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সমৰ্থ হৈছিল। ধৃত সদস্যজনে জেৰাত স্বীকাৰ কৰা তথ্য অনুযায়ী নিৰাপত্তাৰক্ষীয়ে নিশাৰ ভাগত বাৰামূলাত অভিযান চলাই ৪ সন্ত্ৰাসবাদীক নিহত কৰে।

ধৃত সদস্যজনৰ বাসগৃহৰ পৰা নিৰাপত্তাবাহিনীয়ে অস্ত্ৰ-শস্ত্ৰৰ লগতে যথেষ্ট পৰিমাণৰ গুলী-বাৰুদ উদ্ধাৰ কৰিছে। জেৰাত ধৃত মাজিদে কূটাঘাটৰ পৰিকল্পনাৰ কথাও স্বীকাৰ কৰে। সদস্যজনৰ বিৰুদ্ধে কাশ্মীৰৰ অবন্তীপোৰা থানাত এটি গোচৰো ৰুজু কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in