আইপিএলত নেট বলাৰ হিচাপে স্থান লাভ কৰিছে অসমৰ চাৰি জন যুৱ ক্ৰিকেটাৰে

আইপিএলত নেট বলাৰ হিচাপে স্থান লাভ কৰিছে অসমৰ চাৰি জন যুৱ ক্ৰিকেটাৰে

ডিজিটেল ডেস্ক : অসমৰ প্ৰতিভাৱান চাৰি জন যুৱ ক্ৰিকেটাৰে ডুবাইত অনুষ্ঠিত হবলগীয়া আইপিএলত নেট বলাৰ হিচাপে স্থান লাভ কৰিছে ।আইপিএলৰ ফ্ৰেনন্সাইছি ৰাজস্থান ৰয়েলছে নিৰ্বাচিত কৰা খেলুৱৈ সকল হ'ল লক্ষীমপুৰৰ জিতুমনি কলিতা,শিলচৰৰ ৰাহুল সিং আৰু মৃন্ময় দত্ত ।ইফালে হায়দৰাবাদ চানৰাইজাৰ্চে নিৰ্বাচন কৰে ডিব্ৰুগড়ৰ মুখতাৰ হুচেইনক ।

১৯ চেপ্তেম্বৰৰ পৰা ৫৩ দিনীয়া এই শৃংখলাত সুৰক্ষাজনিত প্ৰট'কলৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।স্বাস্থ্য সম্পৰ্কীয় প্ৰট'কলৰ বাবে আইপি এলৰ ৮টা দলে নিজৰ নিজৰ নেট বলাৰৰ বাচনি কৰিছে । শৃংখলাৰ নিয়ম অনুসৰি এই শৃখলাত স্থানীয় ক্ৰিকেটাৰ ব্যৱহাৰ কৰিব নোৱাৰিব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in