সৰুক্ষেত্ৰীৰ বালাপাৰাত মাছৰ খাদ্য উৎপাদন উদ্যোগৰ শিলান্যাস…

সৰুক্ষেত্ৰীৰ বালাপাৰাত মাছৰ খাদ্য উৎপাদন উদ্যোগৰ শিলান্যাস…

ডিজিটেল সংবাদ কয়াকুছিঃ বজালী জিলাৰ সীমান্তৰ পাকা মৌজা অঞ্চলত যোৱা এটা দহকৰ পৰা থলুৱা মাছৰ উৎপাদনৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটাৰ মীন বিভাগৰ ফালৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। থলুৱা মাচৰ খেতিয়ক সকলক চৰকাৰী ভাবে যৎ কিঞ্চিত সহায় কৰি তেওলোকক উৎসাহিত কৰাৰ কাৰণে সময়ে সময়ে লৈ অহা পদক্ষেপৰ অংশ হিছাপে শুকুৰবাৰে বৰপেটা মীন উন্নয়ন বিভাগে সৰুক্ষেত্ৰী সমষ্টিৰ বালাপাৰাত ৰেহাই মুল্যত এটা মাচৰ খাদ্য উৎপাদন কেন্দ্ৰৰ শিলান্যাস কৰে।

বালাপাৰাৰ পবিনী বড়ো নামৰ মহিলা গৰাকীৰ নামত আবন্তিত এই কেন্দ্ৰৰ শিলান্যাস কৰে বৰপেটা জিলাৰ মীন উন্নয়ন বিষয়া ড০ প্ৰতুল বৰ্মনে। বিষ্ণুৰাম বড়োই আত ধৰা আৰু সাংবাদিক হীৰেন কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত উন্নয়ন বিষয়া ড০ বৰ্মনে নতুন যুৱক-যুৱতী সকলক মীন উন্নয়নত মনোনিবেশ কৰি স্বাৱলম্বী হ'বলৈ আহ্বান জনাই।

আনুষ্ঠানত মীন বিভাগৰ গুনীণ দাস ,জগজীত পাটোৱাৰী,মৃন্ময় মহন্ত আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।ইয়াৰ পিছতে মীন উন্নয়ন বিষয়া কৰ্মচাৰী সকলে বালাপাৰাত থকা কালদিয়া বনানী পৰিদৰ্শন কৰি অভিভূত হৈ পৰে। প্ৰাকৃতিক পৰিৱেশৰ মাজত স্হাপন হোৱা কালদিয়া বনানী বনভোজথলীৰ বৃহৎ বৃহৎ পুখুৰী আৰু তাত বৈজ্ঞানিক ভাবে মাছ পালন কৰা কাৰ্যক ভূয়সী প্ৰশংসা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in