প্ৰাক্তন সাংসদ, সাংবাদিক চন্দন মিত্ৰৰ দেহাৱসান…

প্ৰাক্তন সাংসদ, সাংবাদিক চন্দন মিত্ৰৰ দেহাৱসান…

ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ সাংবাদিক চন্দন মিত্ৰৰ দেহাৱসান। বুধবাৰে নিশা দেহাৱসান ঘটে চন্দন মিত্ৰৰ। প্ৰয়াত চন্দন মিত্ৰৰ পুত্ৰ কুশন মিত্ৰই সংবাদ মাধ্যমৰ আগত এই বিষয়ে অৱগত কৰিছে। তেওঁ সংবাদ মাধ্যমৰ আগত অৱগত কৰা অনুসৰি বুধবাৰে শে। নিশা চন্দন মিত্ৰৰ মৃত্যু হয়।

চন্দন মিত্ৰৰ মৃত্যুত শোক প্ৰকাশ কৰি ৰাজ্যসভাৰ সাংসদ স্বপ্ন দাসগুপ্তাই টুইটাৰযোগে কয় যে, তেওঁ নিকটতম বন্ধুজনক হেৰুৱাইছে। ১৯৭২ চনত স্কুল ভ্ৰমণৰ এখন ফটো পোষ্ট কৰি দাস গুপ্তাই লিখিছে, "মই আজি ৰাতিপুৱা মোৰ নিকটতম বন্ধু- পাইওনিয়াৰৰ সম্পাদক আৰু প্ৰাক্তন সাংসদ চন্দন মিত্ৰক হেৰুৱাইছিলো। আমি লা মাৰ্টিনিয়াৰৰ শিক্ষাৰ্থী হিচাপে একেলগে আছিলো আৰু ছেইণ্ট ষ্টিফেনছ এণ্ড অক্সফৰ্ডলৈ গৈছিলো। আমি একে সময়তে সাংবাদিকতাত যোগদান কৰিছিলো আৰু অযোধ্যা আৰু গেৰুৱা ঢৌৰ উত্তেজনা শ্বেয়াৰ কৰিছিলো।"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in