বিত্তীয় কেলেংকাৰীঃ প্ৰাক্তন প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰ!…

বিত্তীয় কেলেংকাৰীঃ প্ৰাক্তন প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰ!…

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ পাকিস্তানে গঢ়িছে আন এক ৰেকৰ্ড। দেশৰ ইতিহাসত প্ৰথমবাৰলৈ দুৰ্নীতিৰ গোচৰত একেলগে জেলত আছে দুজনকৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু এজন প্ৰাক্তন ৰাষ্ট্ৰপতি। পাকিস্তানে এই ৰেকৰ্ড গঢ়ে যোৱা বৃহস্পতিবাৰে।

বৃহস্পতিবাৰে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছাহিদ খাকান আব্বাছীক গ্ৰেপ্তাৰ কৰে পাকিস্তানৰ দুৰ্নীতি নিবাৰন শাখাই। প্ৰায় ৩৬.৯৬৯ আৰবৰ বিত্তীয় কেলেংকাৰীত এই জেলযাত্ৰা ছাহিদ খাকানৰ। ন্যায়াধীশ জাৱেদ ইকবালৰ গ্ৰেপ্তাৰী নিৰ্দেশৰ পাছতে গ্ৰেপ্তাৰ কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক আজি আদালতত হাজিৰ কৰা হ'ব। উল্লেখ্য যে, দুৰ্নীতিৰ গোচৰত বৰ্তমান জেলত আছে পাকিস্তানৰ দুজনকৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু এজন প্ৰাক্তন ৰাষ্ট্ৰপতি ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in