ভুৱা একাউন্ট গোচৰত পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্দাৰীক গ্ৰেপ্তাৰ

ভুৱা একাউন্ট গোচৰত পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্দাৰীক গ্ৰেপ্তাৰ

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰীক ভুৱা বেংক একাউন্ট গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। এই গোচৰৰ জামিন বিচাৰি দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে আদালতৰ কাষ চাপিছিল যদিও আদালতে তেওঁৰ জামিন আবেদন মঞ্জুৰ নকৰাত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক গ্ৰেপ্তাৰ কৰা হয়।

মঙলবাৰে জৰ্দাৰীক আৰক্ষীয়ে আদালতত হাজিৰ কৰিব। এই ভুৱা বেংক একাউন্টৰ জৰিয়তে ৪ মিলিয়ন পাকিস্তানী টকা কেলেংকাৰী সংঘটিত হৈছিল। এই গোচৰত পূৰ্বতে ৰাষ্ট্ৰপতিগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ বিচাৰিছিল যদিও ইছলামাবাদ হাইকোৰ্টৰ অন্তবৰ্তীকালীন জামিন লাভ কৰিছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে।

সেই জামিনৰ সময় সীমা অন্ত পৰাৰ পাছত পুনৰ জামিনৰ বাবে ৰাষ্ট্ৰপতিগৰাকীয়ে ন্যায়ালয়ৰ কাষ চাপিছিল যদিও দুজনীয়া বিচাৰকৰে গঠিত বিচাৰপীঠে তেওঁৰ জামিন আবেদনৰ সময়সীমা বৃদ্ধি কৰিবলৈ অস্বীকাৰ কৰে। স্থাৱৰ-অস্থাৱৰ যথেষ্ট সম্পত্তিৰ গৰাকী জৰ্দাৰীৰ বিৰুদ্ধে কেইবাটাও গোচৰৰ তদন্ত চলি আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in