শেহতীয়া খবৰ
গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  হায়দৰাবাদত বাসগৃহৰ দেৱাল খহি প্ৰাণ গ’ল ৩ শিশুৰ  •  সোনাজুৰিৰ লাংখাঙত গাড়ীসহ চোৰাং কাঠ জব্দ  •  সম্পন্ন হ'ল ইণ্ডো-নগা ৰাজনৈতিক আলোচনা, গ্ৰহণ কৰা হয় ৩ আগষ্টত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টত স্বাক্ষৰ কৰাৰ সিদ্ধান্ত...  •  টীয়কক মহকুমা ঘোষণাৰ দাবীৰে আছু-যুৱ ছাত্ৰ পৰিষদৰ মুখ্যমন্ত্ৰী, মুখ্য সচিবলৈ স্মাৰকপত্ৰ  •  ৰহাত অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় বাৰ্ষিক সাধাৰণ সভাৰ আয়োজন  •  আই বি বিষয়া অংকিত শৰ্মাৰ হত্যাৰ গোচৰত তাহিৰ হুছেইনক আপৰ পৰা বহিষ্কাৰ...  •  আৰণ্যক আৰু বি আৰ এম আইন মহাবিদ্যালয়ৰ উদ্যোগত জৈৱ বৈচিত্ৰৰ গুৰুত্ব আৰু আইনজীৱীৰ কৰ্তব্যৰ বিষয়ত আলোচনা  •  বি টি আৰ চুক্তি গ্ৰহণযোগ্য নহয়, পুণৰাই পৃথক বড়োলেণ্ডৰ নামত সংগ্ৰাম! কোকৰাঝাৰত ছানচুমা খুংগুৰ বৈছুমুতিয়াৰীৰ সংবাদ মেল

পুনৰ ক্ৰিকেট জগতত এন্ট্ৰী! হায়দৰাবাদ ক্ৰিকেট এছ’চিয়েশ্যনৰ নতুন অধ্যক্ষ মহম্মদ আজহাৰুদ্দিন…

762

ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ সৈতে পুনৰ এক দীৰ্ঘসময়ৰ পাছত জড়িত হল ভাৰতীয় ক্ৰিকেট দলৰ একালৰ অধিনায়ক মহম্মদ আজহাৰুদ্দিন। শুকুৰবাৰে আজহাৰুদ্দিনক হায়দৰাবাদ ক্ৰিকেট এছচিয়েশ্যনৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত কৰা হয়। এই পদৰ নিৰ্বাচনত আজহাৰুদ্দিনে লাভ কৰে ১৪৭ টা ভোট। তাৰপাছত তেওঁক হায়দৰাবাদ ক্ৰিকেট এছচিয়েশ্যনৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত কৰা হয়।

৫৬ বছৰীয়া আজহাৰুদ্দিনে যোৱা সপ্তাহত হায়দৰাবাদ ক্ৰিকেট এছচিয়েশ্যনত মনোনয়ন দাখিল কৰিছিল। উল্লেখ্য যে,আজহাৰুদ্দিনে ভাৰতৰ হৈ ৯৯খন টেষ্ট মেচ আৰু ৩৩৪খন এদিনীয়া মেচত খেলিছে। উল্লেখ্য যে,  আজহাৰুদ্দিনৰ বিৰুদ্ধে মেচ ফিক্সিঙৰ অভিযোগ উত্থাপন হৈছিল। আৰু ২০০০চনত তেওঁক আজীৱনৰ বাবে ক্ৰিকেটৰ পৰা আঁতৰি থকাৰ নিৰ্দেশ দিয়া হৈছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি