ঘিলামৰাত  বান সাহায্যৰ মুখ দেখা নাই বন্যাৰ্তই…

ঘিলামৰাত  বান সাহায্যৰ মুখ দেখা নাই বন্যাৰ্তই…

ডিজিটেল সংবাদ , ঢকুৱাখনা : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানাক্ৰান্ত সৰ্বশ্ৰান্তক পৰ্য্যাপ্ত বান সাহায্য প্ৰদানৰ বাবে জিলা প্ৰশাসনক কঠোৰ  নিৰ্দেশ দিলেও লখিমপুৰ জিলাৰ  ঢকুৱাখনা মহকুমাত ইয়াৰ তিলমানো প্ৰভাৱ নপৰাৰ অভিযোগ উত্থাপিত হৈছে । 

বিশেষ ভাবে মহকুমাটোৰ সোৱনশিৰি ৰাজহ চক্ৰৰ অন্তৰ্গত আৰৈয়া ৰাজহ মেপৰ বালিয়নি গাওঁৰ গৰিষ্ঠ সংখ্যক বানাক্ৰান্তই বিগত বহু দিন ধৰি বানৰ গ্ৰাসত পৰি ত্ৰাহি মধুসূদন সোৱঁৰিছে যদিও  এইসকল বান দুৰ্গত ৰাইজক মহকুমা প্ৰশাসনে  এমুঠি মাত্ৰ বান সাহায্য প্ৰদান কৰাত গুৰুত্ব দিয়া নাই ।

বৃহস্পতি বাৰে  বান বিধ্বস্ত  কুৰিটা পৰিয়ালৰ ৰাইজে  একেমুখে  "অসমীয়া প্ৰতিদিন"ক অভিযোগ কৰা মতে বিগত প্ৰায় এটা সপ্তাহ ধৰি বানৰ গ্ৰাসত পৰি ঘৰে বাৰীয়ে  খেতিয়ে পথাৰে ,পশুধনে সৰ্বশ্ৰান্ত হোৱাৰ পাছতো প্ৰশাসনে এমুঠি চাউল কিম্বা এপদ বান সাহায্য প্ৰদান কৰা নাই ইচ্ছাকৃত ভাবে  ।

এই  সন্দৰ্ভত  সোৱণশিৰি ৰাজহ চক্ৰৰ কাৰ্যালয়ত যোগাযোগ কৰিলেও কোনো সুদুত্তৰ লাভ নকৰা বন্যাৰ্তই  আনহাৰে দিন কটাব লগীয়া হোৱা বুলি সাংবাদিকক অৱগত কৰে ।  পশুধনৰ খাদ্যৰো ব্যাপক  অনাটনত ভোগা বুলি দুৰ্গত  কৃষিজীৱী ৰাইজে অভিযোগ উত্থাপন কৰিছে। 

এইখিনি বানাক্ৰান্তৰ প্ৰতি   কি চক্ৰান্তৰে প্ৰশাসনে  এনে অবিচাৰ কৰি আহিছে তাক জানিব পৰা নাই বুলি  দুখেৰে ব্যক্ত কৰি  এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ  জৰুৰী হস্তক্ষেপ কামনা কৰিছে সৰ্বশ্ৰান্ত   ক্ষোভিত বানাক্ৰান্তই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in