বান শিবিৰত সাহায্য বিতৰণ সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থা আৰু এন পি এছ কৰ্মচাৰী সংস্থাৰ…

বান শিবিৰত সাহায্য বিতৰণ সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থা আৰু এন পি এছ কৰ্মচাৰী সংস্থাৰ…

ডিজিটেল সংবাদ গুৱাহাটীঃ প্ৰলয়ংনকাৰী বানত ক্ষতিগ্ৰস্ত লোকক সামান্য সকাহ দিয়াৰ উদ্দেশ্যে সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থা আৰু সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে এক যৌথ উদ্যোগ গ্ৰহণ কৰে। ২৩ জুন শুকুৰবাৰে দুয়ো সংস্থাৰ প্ৰতিনিধিয়ে কামৰূপ জিলা দোৰা কহৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেম্পত থকা ১০০ পৰিয়াল, দৰং জিলা ছিপাঝাৰ বিধান সমষ্টিৰ লোকৰাই, গোপালপুৰ, সোনাপুৰ অঞ্চলৰ ৪০০ পৰিয়ালক অতি প্ৰয়োজনীয় সামগ্ৰী সাহায্য হিচাপে আগবঢ়ায়।

দোলাকহৰা কেম্পত যদিও চৰকাৰী সাহায্য পোৱা বুলি জনোৱাৰ বিপৰতে ছিপাঝাৰৰ এই বান পিড়িতসকলক চৰকাৰী ব্যৱস্থাই ঢুকি পোৱা নাই। কদৰ্য পৰিবেশত থকা এইসকল নাগৰিকক চৰকাৰৰ সুদৃষ্টিৰ অতি প্ৰয়োজন। এই প্ৰসংগত দুয়ো সন্থাৰ বিষয়ববীয়া সকলে কয় যে, আজিৰ কাৰ্যসূচী এপাচি শাকত জালুক সদৃশ হৈছে যদিও বিপদত পৰা সকলৰ লগত সামান্য সময় পাৰ কৰি তেওলোকৰ দুখত সমভাগি হ'লো।

আজিৰ কাৰ্যসূচীত সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থাৰ সভাপতি গুণাৰাম গগৈ, কাৰ্যকৰী সভাপতি পংকজ কুমাৰ শৰ্মা, সাধাৰণ সম্পাদক ৰূপক কলিতা, কোষাধ্যক্ষ দ্বীজেন মহন্ত, হিচাপ পৰীক্ষক সীমান্ত বৰা, প্ৰচাৰ সম্পাদক ধৰ্মেন্দ্ৰ গগৈ, সক্ৰিয় সদস্য জগন্নাথ কুমাৰ, প্ৰফুল্ল গোহাই, বিজয় বৰুৱা সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মা, সম্পাদক জুৰিমনি হাজৰিকা কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি আজলী ভূঞা, সভাপতি অচ্যুতানন্দ হাজৰিকাই অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in