ডিমা হাচাওত বান ভূমিস্খলনৰ ধ্বংসলীলাঃ বাতিল বহু কেইখন ৰে’ল, চাওক তালিকা…

ডিমা হাচাওত বান ভূমিস্খলনৰ ধ্বংসলীলাঃ বাতিল বহু কেইখন ৰে’ল, চাওক তালিকা…

ডিজিটেল ডেস্কঃ পাহাৰীয়া জিলা ডিমা হাচাওত প্ৰৱল বৃষ্টিপাতৰ ফলত বান আৰু ভূমিস্খলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। জিলাখনত বহু পথ ইতিমধ্যে পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে উটুৱাই নিছে। স্তব্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা। ইয়াৰ মাজতে উত্তৰ পূৱ ৰে'লৱেই কেইবাখনো ৰে'লৰ চলাচল বাতিল কৰাৰ লগতে আন কেইবাখনো ৰেল সাময়িক ভাৱে বাতিল কৰিছে।

সামিয়ক ভাৱে বাতিল কৰা ৰে'লসমূহৰ ভিতৰত আছে- ১৫৮৮৮ নম্বৰৰ গুৱাহাটী-বদৰপুৰ টুৰিষ্ট এক্সপ্ৰেছ, ১৫৮৮৭ নম্বৰৰ বদৰপুৰ-গুৱাহাটী টুৰিষ্ট এক্সপ্ৰেছ, ১৫৬১৫ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ, ১৫৬১৬ শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ, ১৩১৭৩ শিয়ালদাহ-আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছ, ১২৫০৪ আগৰতলা-বেংগালুৰু হামচফৰ এক্সপ্ৰেছ, ০১৬৬৫ ৰাণী কমলাপতি- আগৰতলা স্পেচিয়েল, ১৪০৩৮ নতুন দিল্লী-শিলচৰ এক্সপ্ৰেছ, ০২৯৮৩ বেংগালুৰু-আগৰতলা স্পেচিয়েল আৰু ০২৯৮৪ আগৰতলা-বেংগালুৰু স্পেচিয়েল ৰে'ল।

আনহাতে বাতিল কৰা হৈছে, ১৫৬৪১ নং শিলচৰ-নিউ তিনিচুকীয়া এক্সপ্ৰেছ, ১৫৬৪২ নিউ তিনিচুকীয়া-শিলচৰ এক্সপ্ৰেছ, ১৫৬২৬ আগৰতলা-দেউঘৰ এক্সপ্ৰেছ, ১৫৬২৫ দেউঘৰ- আগৰতলা এক্সপ্ৰেছ, ১৫৬১১ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ আৰু ১৫৬১৫ গুৱাহাটী শিলচৰ এক্সপ্ৰেছ।

উল্লেখ্যে যে ডিমা হাচাও জিলাত প্ৰৱল বৃষ্টি পাত হোৱাৰ ফলত বান আৰু ভূমিস্খলন সৃষ্টি হৈছে। বহু ঠাইত পথ বানৰ ঢলে ভাঙি পেলোৱাৰ লগতে ঠায়ে ঠায়ে ভূমিস্খলন হৈ মানুহৰ ঘৰৰ লগতে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান ধ্ৱংস কৰিছে। পাহাৰ খহি পৰাৰ ফলত একেটা পৰিয়ালৰ ৩ জনকৈ লোকেও মৃত্যুক সাৱটি লৈছে। সমহ্ৰ হাফলঙ চহৰ প্ৰায় ধ্বংসৰ হৈ গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in