সৰুক্ষেত্ৰীত বন্যাৰ্তৰ হাহাকাৰঃ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ তৎপৰতাত উদ্ধাৰ দুজন অসুস্থ লোক

সৰুক্ষেত্ৰীত বন্যাৰ্তৰ হাহাকাৰঃ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ তৎপৰতাত উদ্ধাৰ দুজন অসুস্থ লোক

ডিজিটেল সংবাদ, চেঙাঃ টিহু, পল্লা, কালদিয়া আৰু বুঢ়াদিয়া নদীৰ তাণ্ডৱত সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰায় আটাইবোৰ গাঁৱেই বানৰ কবলত পৰিছে। সৰুক্ষেত্ৰী সমষ্টি বানপানীৰ কবলত পৰাৰ পিছৰ পৰাই স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰে প্ৰতিদিনেই বান বিধ্বস্ত অঞ্চলত উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ লৈছে।

১০নং কাৱৈমাৰী ব্লকৰ পশ্চিম পাকা আজাদ মেমোৰিয়েল হাইস্কুলত থকা শিবিৰত দুজনকৈ লোক অসুস্থ হৈ পৰাত বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ তৎপৰতাত এচ ডি আৰ এফৰ সহযোগত অসুস্থ লোক দুগৰাকীক উদ্ধাৰ কৰি বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰায়।

উল্লেখ্য যে বান শিবিৰটোৰ চৌদিশ জলমগ্ন হৈ আছে। চিকিৎসালয়ত ভৰ্তি কৰোৱা লোক দুজন হৈছে আব্দুৰ ৰচিদ আৰু নিয়ামত আলী। নিয়ামত আলী বৰ্তমান চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আব্দুৰ ৰচিদ (৫০)ৰ চিকিৎসালয়ত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মৃত আব্দুৰ ৰচিদৰ ঘৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত নলী গাঁৱত বুলি জানিব পৰা গৈছে।

স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰে যোৱা এসপ্তাহ ধৰি বন্যাৰ্তৰ মাজত থাকি খা-খবৰ লোৱাৰ পিছত বুধবাৰে সৰুক্ষেত্ৰী মৌজাৰ অন্তৰ্গত মাজদিয়া, গাদেশালী পাম, ফকিৰামূৰ, চতলা, চিনাদী, বৰঘোপা, আমৃখোৱা, বনিয়াকুছি, বেলবাৰী, কুকাৰপাৰ, শলা আদি বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি বন্যাৰ্তৰ স'তে মত-বিনিময় কৰে। বান পৰিদৰ্শন কালত বিধায়কগৰাকীক সংগ দিয়ে দক্ষিণ পূৱ সৰুক্ষেত্ৰী জিলা পৰিষদৰ সদস্য বাবুল আলী, যুৱ নেতা আতিকুৰ ৰহমানকে ধৰি বহুসংখ্যক দলীয় নেতা-কৰ্মীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in