আকাশত বন্ধ বিমানৰ ইঞ্জিন, যাত্ৰীৰ মাজত হাহাকাৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ আপুনি বিমানত যাত্ৰা কৰি পাইছেনে? যদি কৰিছে তেন্তে নিশ্চয় বিমানখনে উৰা মৰা সময়ৰ পৰা সুকলমে অৱতৰণ কৰা সময়লৈকে আপুনি শংকিত হৈ থাকে। কিন্তু বিমানত যাত্ৰা কৰি থকা সময়তে যদি বিমানৰ ইঞ্জিন বিকল হৈ পৰে তেন্তে কিমান ভয়াৱহ পৰিস্থিতি হ'ব পাৰে সেয়া হয়তো আপুনিও জ্ঞাত।

উল্লেখ্য যে, এক সূত্ৰ অনুসৰি বৃহস্পতিবাৰে ভাৰতীয় বিমান এ-৩২০ প্ৰোট এণ্ড হুইটনীৰ ইঞ্জিনটো আকাশত থকা সময়তে বন্ধ হৈ পৰে। পোৰ্ট ব্লেয়ৰৰ পৰা কলকাতালৈ উৰা মাৰিছিল যদিও আকাশৰ মাজতে যাত্ৰীবাহী বিমানখনৰ ইঞ্জিনটো বন্ধ হৈ পৰাত তৎকালীনভাৱে আহমেদাবাদত অৱতৰণ কৰিবলগীয়া হয় বিমানখন। সেই সময়ত বিমানখনৰ সকলো যাত্ৰীৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছিল ২৩ ডিচেম্বৰত।

লক্ষণীয় যে,বিমান নিয়ামক ডিজিচিএ-য়ে চলিত বৰ্ষৰ মাৰ্চ মাহত এখন বিশেষ শাখাৰ প্ৰোট এণ্ড হুইটনী ইঞ্জনযুক্ত ১১ এ-৩২০ নিঅ' বিমানৰ উৰণ বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই সিদ্ধান্ত বিমান উৰণৰ সময়ত প্ৰায়ে বিকল হোৱা এই ইঞ্জিনবোৰৰ বাবে গ্ৰহণ কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in