প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈয়েই মৃত্যুক সাৱটিব লগা হৈছে হাইস্কুলৰ ফিক্সড পেৰ শিক্ষকে…

প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈয়েই মৃত্যুক সাৱটিব লগা হৈছে হাইস্কুলৰ ফিক্সড পেৰ শিক্ষকে…

ডিজিটেল ডেস্কঃ কেৱল ধনৰ অভাৱত ব্যয়বহুল চিকিৎসা আধাতে সামৰি অসহায়ভাৱে মৃত্যুক সাৱটিলেল নগাঁৱৰ গধৰীয়া কৰৈয়নী নিবাসী, আউনীআটি হাইস্কুলৰ ফিক্সড পে'ৰ শিক্ষক দীপক তামুলীয়ে। যোৱা কিছুদিনৰ পৰা যকৃতৰ সংক্ৰমণৰ ৰোগত আক্ৰান্ত হৈ স্থানীয় চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰি একো সুফল নোপোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালত চিকিৎসাধীন হৈ আছিল দীপক তামুলী। কিন্তু ব্যয়বহুল চিকিৎসাৰ বাবে ধনৰ ব্যৱস্থা কৰিব নোৱাৰি ঘৰলৈ প্ৰত্যাৱৰ্তন কৰিব লগা হ'ল তামুলী।যাৰ ফলত চিকিৎসাৰ অভাৱত স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটি ২ আগষ্ট, ২০২০ তাৰিখে মাজ নিশা নিজা বাসভৱনতে মৃত্যু হয় দীপক তামুলীৰ।

কেইটামান মাহৰ আগতে নগাঁৱৰ মৰিকলঙৰ নাট্যকৰ্মী তথা ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফিক্সড পেৰ শিক্ষক জোনমনি বৰাইও উন্নত চিকিৎসাৰ অভাৱত অকালতে মৃত্যু বৰণ কৰিব লগা হয়। একেদৰে কেইটামান বছৰৰ ভিতৰত একেই কাৰণত লংকা পাব্লিক স্কুলৰ ৰঞ্জণ দত্ত, হয়বৰ গাওঁ হাইস্কুলৰ মল্লিকা শৰ্মা, কৰৈয়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অমূল্য চমুৱা, চামগুৰিৰৰ ভেলেউগুৰি আঞ্চলিক হাইস্কুলৰ জুনু বৰাৰ আৰ্থিক অনাটনত সু চিকিৎসাৰ অভাৱত মৃত্যু হয়। মৃত্যু হোৱা প্ৰতিজন শিক্ষকে এৰি থৈ যোৱা সতি সন্তান আৰু পৰিয়ালবৰ্গৰ অৱস্থা বৰ্তমান পানীত হাঁহ নচৰাৰ দৰে। কিয়নো সামান্য মাননি গ্ৰহণ কৰি শিক্ষকতা কৰা শিক্ষকসকলৰ পেঞ্চন নাইবা অন্য কোনো পুঁজিৰ কোনো ব্যৱস্থা নাই।

উল্লেখ্য যে অকাল বিয়োগ ঘটা উক্ত শিক্ষকসকলৰ লগতে অসমৰ প্ৰতিখন জিলাতে ২০০১ বৰ্ষত উচ্চ- উচ্চতৰ বিদ্যালয় সমূহত চৰকাৰে সহ শিক্ষকৰ নিযুক্তি প্ৰদাণ কৰিছিল। শিক্ষক সকলক প্ৰথমে মাহিলী ২৫০০ টকাৰ মাননি দি পৰৱৰ্তী সময়ত ২০১৫ বৰ্ষৰ পৰা মাহিলী ১৫,৫০০ টকাকৈ ফিক্সড পে দিয়া হৈছিল। কিন্তু ইতিমধ্যে অসমৰ প্ৰায় সকলো জিলাৰ একে পৰ্যায়ৰ শিক্ষকৰ দৰমহা ফিক্সড পেৰ পৰিৱৰ্তে স্কেল পে অনুযায়ী চৰকাৰে মুকলি কৰি দিলে যদিও নগাওঁ, শিৱসাগৰ, লখিমপুৰ, ধেমাজি আৰু শোণিতপুৰৰ শিক্ষকসকলক স্কেল পে দিয়াৰ বিষয়টো আজি পৰ্যন্ত শিক্ষা বিভাগৰ ফাইলৰ মেৰপেচত আৱদ্ধ হৈ থাকিল।

অসম হাইস্কুল ফিক্সড পে শিক্ষক সমিতিৰ লগতে নগাওঁ জিলা সমিতিয়ে দীপক তামুলীৰ মৃত্যুত গভীৰ শওক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। লগতে সমিতিয়ে ৰাজ্যৰ শিক্ষামন্ত্ৰীক উক্ত পাঁচ জিলাৰ ৫২৪ জন শিক্ষকৰ সমস্যাসমূহ সমাধান কৰি তেওঁলোকক ফিক্সড পেৰ পৰিৱৰ্তে স্কেল পে প্ৰদাণৰ ক্ষীপ্ৰ ব্যৱস্থা লোৱাৰ লগতে ইতিমধ্যে মৃত্যু হোৱা শিক্ষকসলকলৰ পৰিৱালবৰ্গক আৰ্থিক সুৰক্ষা প্ৰদাণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্ৱান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in