চিলাপথাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিমিষতে ভস্মীভূত বাসগৃহ

চিলাপথাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিমিষতে ভস্মীভূত বাসগৃহ

ডিজিটেল সংবাদ, চিলাপথাৰঃ দীপাৱলীৰ আনন্দ উছাহ মাৰ নৌযাওতেই পুনৰ এক অগ্নিকাণ্ড সংঘটিত হয় চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলাসুতি পঞ্চায়তৰ ২ নং মাজৰবাৰী নেপালী গাঁৱত। গাঁওখনৰ বিষ্ণু প্ৰসাদ শৰ্মা নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহত আজি সন্ধিয়া অগ্নিকাণ্ড সংঘটিত হোৱাত বাসগৃটো সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

জানিব পৰা মতে, সন্ধিয়া পৰিয়ালটোৱে দীপাৱলীৰ চাকি জলাইছিল। তাৰ পৰাই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। জুইৰ লেলিহান শিখাই ঘৰটো বেৰি ধৰাৰ পিছতে স্থানীয় লোক উপস্থিত হৈ পৰিয়ালটোৰ সদস্যসমূহক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

ইফালে সম্পূৰ্ণৰূপে ভস্মীভূত হোৱা বাসগৃহটোৰ লগতে কেইবালাখ টকাৰ সা-সম্পত্তি জুইত জাহ যায় বুলি জানিবলৈ দিয়ে পৰিয়ালটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in