গোলাঘাটত বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো দোকান

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত দেওবাৰে নিশা ১০ বজাত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়৷ জিলা উপায়ুক্ত কাৰ্যালয়ৰ ওচৰতে থকা তৰণী সংঘৰ সমীপৰ চিটি ছিষ্টেম নামৰ এখন কম্পিউটাৰ দোকানত ঘটনাটো সংঘটিত হয়৷

অগ্নিকাণ্ডৰ ফলত উক্ত দোকানখনৰ লগতে কেইবাখনো দোকান জুইত জাহ যোৱাৰ লগতে কেইবা লক্ষ টকাৰ সা-সামগ্ৰী ভস্মীভূত হয়৷ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in