কেলিফৰ্নিয়াত সংহাৰী অগ্নিকাণ্ড! নিহত ৯ জন, গৃহহাৰা লক্ষাধিক

কেলিফৰ্নিয়াত সংহাৰী অগ্নিকাণ্ড! নিহত ৯ জন, গৃহহাৰা লক্ষাধিক

ডিজিটেল ডেস্কঃ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফৰ্নিয়াত দুটা ভয়াবহ অগ্নিকাণ্ডত ৯ জনকৈ লোক নিহত হোৱাৰ লগতে লক্ষাধিক লোক গৃহহীন হৈ পৰিছে। শুকুৰবাৰে লছ এঞ্জেলছৰ পশ্চিমাঞ্চলৰ বনাঞ্চলৰ পৰা অগ্নিকাণ্ড বিয়পি পৰি পাৰ্শ্বৱৰ্তী মালিবু চহৰত সংহাৰী ৰূপ ধাৰণ কৰে। মালিবু চহৰৰ বহু বাসগৃহ ইতমধ্যে ছাইলৈ ৰূপান্তৰিত হৈ পৰিছে।

তদুপৰি উত্তৰাঞ্চলৰ চাক্ৰামেন্টৰৰ নিকতৱৰ্তী অঞ্চলত জুয়ে কেইবাখনো বাহন ভস্মীভূত কৰে। এই ঘটনাত ৫ জন লোক আহত হোৱা বুলি স্থানীয় প্ৰশাসনে প্ৰকাশ কৰিছে। আনহাতে উত্তৰ কেলিফৰ্নিয়াৰ পেৰাডাইজ চহৰত ইতিমধ্যে ৬৭০০তকৈও অধিক বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰিছে।

প্ৰশাসনৰ ফালৰ পৰা সদৰী কৰা মতে, প্ৰৱল বতাহৰ বাবেই জুই দ্ৰুতভাৱে বিয়পি পৰিছে। ৰাতিৰ ভিতৰতে এই জুই লছ এঞ্জেলছৰ '১০১ হাইৱে' পৰ্যন্ত পায়। স্থানীয় সময়ানুসৰি শুকুৰবাৰে দুুপৰীয়াৰ ভিতৰত প্ৰায় ১৪ একৰ ভূমিত এই জুই বিয়পি পৰে। যাৰ পিছতে প্ৰশাসনে কালাবাছাছ, থাউজেণ্ড ওক আৰু লছ এঞ্জেলছৰ '১০১ হাইৱে'ৰ দক্ষিণৰ মালিবু চহৰৰ সকলো বাসগৃহ শীঘ্ৰে খালী কৰাৰ বাবে নিৰ্দেশ দিয়ে।

কেলিফৰ্নিয়াৰ বন তথা অগ্নি সুৰক্ষা বিভাগৰ কেপ্টেইন স্ক'ট মেকলিনে জনোৱা মতে এই পৰ্যন্ত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই। ইতিমধ্যে সমগ্ৰ চহৰ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে। আনহাতে, জুইৰ সংক্ৰমণৰ লগে লগে চহৰসমূহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পথত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে। জুয়ে বাসগৃহৰ লগতে ৰেস্তোৰাঁ, স্কুল, চুপাৰমাৰ্কেট আদিও ভস্মীভূত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in