‘পদ্মশ্ৰী’ কংগনা ৰাণাৱটৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল…

‘পদ্মশ্ৰী’ কংগনা ৰাণাৱটৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল…

ডিজিটেল ডেস্কঃ বিতৰ্কিত বলিউড অভিনেত্ৰী কংগনা ৰাণাৱটৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। দেশৰ ৰাষ্ট্ৰপতিৰ হাতৰ পৰা পদ্মশ্ৰী সন্মান লোৱাৰ পিছতে টাইমছৰ এক সন্মিলনত দেশে প্ৰকৃততে স্বাধীনতা ২০১৪ চনত হে লাভ কৰিছিল বুলি মন্তব্য কৰিছিল। তেওঁ উল্লেখ কৰিছিল যে দেশে স্বাধীনতা লাভ কৰা নাছিল ভিক্ষাহে লাভ কৰিছিল।

দেশৰ লাখ লাখ স্বাধনীতা সংগ্ৰামী, স্বহীদক অপমানিত কৰা কংগনাই ইমানতেই মুখ বন্ধ কৰা নাই। তেওঁ টাইমছৰ সন্মিলনত কৰা বিতৰ্কিত মন্তব্যৰ বাবে দেশজুৰি বিতৰ্কৰ সূচনা হোৱাৰ লগতে সকলোতে সমালোচিত হোৱাৰ পিছত কংগনাই পুনৰ আত্মপক্ষ সমৰ্থন কৰি বিতৰ্কিত মন্তব্য কৰিছে।

আত্মপক্ষ সমৰ্থন কৰি মন্তব্য কৰা কংগনাই এইবাৰ জাতিৰ পিতা মহাত্মা গান্ধীকো বাদ নিদিলে। জাতিৰ পিতা মহাত্মা গান্ধীক অপমানিত কৰি তেওঁ পুনৰ কৈছিল, গান্ধীয়ে এখন গালত চৰ মাৰিলে দ্বিতীয়খন গাল পাতিবলৈ কৈছিল। এইদৰে স্বাধীনতা লাভ কৰা নাযায়স ভিক্ষাহে পোৱা যায়।

এইদৰে চৰম পৰ্যায়ত দেশৰ স্বাধীনতা সংগ্ৰামীক অপমান কৰি বাৰে বাৰে মন্তব্য কৰি থকা কংগনাৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত হোৱাৰ লগতে গোচ ৰুজু কৰাও হৈছে। বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কিমিটীৰ এটা দলে দিছপুৰ আৰক্ষী থানাত বিতৰ্কিত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ হৈ প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মা, ৰমেন বৰঠাকুৰ, নৃপেন ঠাকুৰীয়া, মঞ্জিত মহন্ত, মীৰা বৰঠাকুৰ আদিকে কৰি কেইবাজনো প্ৰতিনিধিয়ে দিছপুৰ আৰক্ষী থানালৈ গৈ কংগনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। ইয়াৰোপৰি তেওঁলোকে কংগনাক প্ৰদান কৰা পদ্মশ্ৰী বঁটা ঘূৰাই লবলৈও দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in