পঞ্চম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ লাইখুঁটা স্থাপন, ডিজিটেল যুগ হ’লেও গ্ৰন্থৰ আদৰ সদায় থাকিবঃ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা

পঞ্চম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ লাইখুঁটা স্থাপন, ডিজিটেল যুগ হ’লেও গ্ৰন্থৰ আদৰ সদায় থাকিবঃ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা

ডিজিটেল সংবাদ চেঙাঃ 'মাত্ৰ ডিজিটেল যুগ নহয়, অত্যাধুনিক যুগতো গ্ৰন্থৰ আদৰ, কদৰ আৰু অধ্যয়ন যুগে যুগে থাকিবই'- এই বক্তব্য বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ। বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিত পঞ্চম বাৰ্ষিক কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা অহা ১৬ ৰ পৰা ২২ ডিচেম্বৰলৈ সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কয়াকুছিৰ শংকৰ -আজান সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব। তদুপলক্ষে সোমবাৰে পঞ্চম বাৰ্ষিক কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ লাইখুঁটা স্থাপন কৰি এইদৰে কয় উপায়ুক্ত শৰ্মাই।

এইবেলি সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে আলোচনা চক্ৰ, কবি সন্মিলন, কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, আন্তঃবিদ্যালয় প্ৰতিযোগিতা, মাৰাথান দৌৰ প্ৰতিযোগিতা, বিভিন্ন খেল ধেমালি, একক নৃত্য প্ৰতিযোগিতা, দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ গ্ৰন্থ বিপনী, বিভিন্ন ধৰণৰ দোকান-পোহাৰ, ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু অন্যান্য বিশেষ কাৰ্যসূচী থাকিব বুলি জানিব পৰা গৈছে। জাকজমকতাৰে অনুষ্ঠিতব্য গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপনৰ লগত সংগতি ৰাখি আয়োজিত সম্বৰ্ধনা সভাত আদৰণী ভাষণ দিয়ে গ্ৰন্থমেলাৰ মুখ্য পৃষ্ঠপোষক তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে।

গ্ৰন্থমেলা উদযাপন সমিতিৰ অন্যতম সহযোগী সদস্য দেৱান নছিম উদ্দিনে সম্বৰ্ধনা তথা আঁত ধৰা লাইখুঁটা স্থাপন কাৰ্যসূচী পৰিচালনা কৰে পৰিচালনা সমিতিৰ যুটীয়া সম্পাদক ৰাহুল আমিন আৰু দেৱান ফকৰুল আলমে। গ্ৰন্থমেলা পৰিচালনা সমিতিৰ সভাপতি অধ্যক্ষ ছিকান্দাৰ আলী আহমেদ উপসভাপতিসকল, বিভিন্ন উপসমিতি সমূহৰ বিষয়ববীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক ফয়েজুৰ ৰহমান, প্ৰাক্তন সভাপতিসকল, জিলা পৰিষদ, পঞ্চায়তৰ বিভিন্ন পৰ্যায়ৰ সদস্য -সদস্যা আৰু অন্যান্য বহুতো বিশিষ্ট ব্যক্তি, জিলাখনৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকলৰ সৈতে কেবা শতাধিক লোকে লাইখুঁটা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।

অইন বছৰৰ দৰে এইবেলিও কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা আটকধুনীয়া আয়োজনৰ ব্যাপক প্ৰস্তুতি চলাইছে উদ্যোক্তাই আৰু সমূহ কাৰ্যসূচী যাতে সফলতাৰে সম্পন্ন হয় তাৰ বাবে সৰ্বস্তৰৰ ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনায় উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা আৰু বিধায়ক জাকিৰ হুছেইন শিকদাৰে। আবেলিৰ ভাগতো কোৰাণ পাঠ আৰু গীতাৰ বাণী পাঠেৰে আৰম্ভ হোৱা কয়াকুছি শংকৰ -আজান সমন্বয় ক্ষেত্ৰত গ্ৰন্থ মেলাৰ বাকৰিত সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ, উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, কয়াকুছি অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বী, অঞ্চলটোৰ মুখিয়াল ব্যক্তি সকলৰ উপস্থিতত পঞ্চম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ লাইখুঁটা স্থাপন কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ব্যক্তিলৈ ধন্যবাদ জ্ঞাপন কৰে মূল সমিতিৰ সভাপতি আৰু যুটীয়া সম্পাদক ক্ৰমে অধ্যক্ষ ছিকান্দাৰ আলী আহমেদ, ৰাহুল আমিন আৰু দেৱান ফকৰুল আলমৰ সৈতে প্ৰচাৰ বিভাগৰ সভাপতি আব্দুল জলিলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in