সাৱধান! আহি আছে ফেঠাই, চাওক VIDEO

সাৱধান! আহি আছে ফেঠাই, চাওক VIDEO

ডিজিটেল ডেস্কঃ সোমবাৰে ঘূৰ্ণি বতাহে জোকাৰিব পাৰে অন্ধ্ৰপ্ৰদেশক। ফেঠাই নামৰ এক ঘূৰ্ণি বতাহৰ ফলত অন্ধপ্ৰদেশত প্ৰৱল বৃষ্টিপাতৰ শংকা কৰিছে প্ৰশাসনে। বংগোপ সাগৰৰ পৰা উত্তৰ দিশে বৰ্তমান সময়ত গতি কৰিছে এই ফেটাই। যি হয়তু বিয়লি ২.৩০বজাৰ পৰা ৫.৩০ বজাৰ ভিতৰত অন্ধৰপ্ৰদেশ পোৱাৰ সম্ভাৱনা আছে।

অন্ধ্ৰপ্ৰদেশ চৰকাৰে ঘূৰ্ণি বতাহ অহাৰ খবৰ লাভ কৰাৰ পাছতে বাতিল কৰিছে ২২ খনকৈ যাত্ৰীবাহী ৰে'ল। ইফালে এখন ৰেলৰ সময়সূচী সলনি আৰু এখন ৰে'ল আংশিকভাৱে বাতিল কৰা হৈছে। ঘূৰ্ণি বতাহৰ বাবে প্ৰশাসনে এনেদৰে বাতিল কৰিছে ৰে'ল সেৱা। কিয়নো অন্ধপ্ৰদেশত পূর্বেও এনেধৰণৰ ঘূৰ্ণি বতাহ আহিছিল। অতি কম সময়ৰ ভিতৰতে তিনিবাৰকৈ অন্ধ্ৰপ্ৰদেশক জোকাৰি গৈছে ঘূৰ্ণি বতাহে। ইয়াৰ পূৰ্বে তিতলি আৰু গাজা নামৰ দুই ঘূৰ্ণি বতাহে জোকাৰি গৈছিল অন্ধ্ৰপ্ৰদেশক।

ইতিমধ্যে অন্ধৰপ্ৰদেশ চৰকাৰে ফেঠাইৰ পৰা জনসাধাৰণক ৰক্ষা কৰিবলৈ মিচিলিপটনম, গুইডৱাডা, নাজভিড আৰু বিজয়ৱাড়াত ৪টা কনট্ৰল ৰুমো স্থাপন কৰিছে। অন্ধ্ৰপ্ৰদেশ চৰকাৰ তথা ৰে'ল বিভাগো এইক্ষেত্ৰত সষ্টম হোৱা পৰিলক্ষিত হৈছে। কেনেদৰে ফেঠাইয়ে চলাব পাৰে আতংকৰ, চাওক ভিডিঅ'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in