কুৰুৱাবাহীৰ যোগনীয়াত নিজৰ বিলাহী খেতিৰ ওপৰত কৃষকে চলাইছে ট্ৰেক্টৰ….

কুৰুৱাবাহীৰ যোগনীয়াত নিজৰ বিলাহী খেতিৰ ওপৰত কৃষকে চলাইছে ট্ৰেক্টৰ….

ডিজিটেল সংবাদ,বোকাখাত : অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ আৰু কেইটামান দিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক উল্লাস উদ্দিপনা।শ্ৰম জীৱনৰ উদ্দিপনাৰ পৰা সৃষ্ট এই বিহুৰ বতৰত ৰাজ্যখনৰ কৃষকে লাভ কৰিছেনে প্ৰকৃততে শ্ৰমৰ মূল্য?

এই প্ৰশ্নৰ বিপৰিতে বোকাখাত বিধান সভা সমষ্টিৰ কৃষি ক্ষেত্ৰত অতিকে চহকী বুলি পৰিচিত বৃহত্তৰ কুৰুৱাবাহীৰ যোগনীয়া গাঁৱৰ কৃষি পথাৰৰ এই প্ৰতিবেদনৰ লগত সন্নিবিষ্ট আলোকচিত্ৰই স্বাভাবিকতেই হতাশ কৰি তুলিব আপোনাক।

বোকাখাত বিধান সভা সমষ্টিত বিগত পাঁচটা বছৰে এজন কৃষি মন্ত্ৰী বিধায়ক হৈ থকাৰ পাছটো কৃষকৰ এই অৱস্থাই স্পষ্ট কৰি তুলিলে সমষ্টিটোত বিধায়ক জনৰ চৰম অসফলতা।অঞ্চলটোৰ কৃষকে লহপহাই থকা বিলাহী খেতিৰ ওপৰেদি এতিয়া চলাব লগীয়া হৈছে ট্ৰেক্টৰ।বোকাখাতত এতিয়া পানীৰ দৰলৈ নামি আহিছে কৃষকৰ উৎপাদিত শস্যৰ মূল্য। ফলত যোগনীয়া গাঁৱৰ কৃষকে শ্ৰমৰ বিনিময়ত লাভ কৰা নাই উৎপাদিত শস্যৰ প্ৰকৃত মূল্য।

এইসকল কৃষকৰ সংৰক্ষণৰ অভাৱত এতিয়া পথাৰতে গেলি পচি যোৱা বিলাহীলৈ দৃষ্টি দিব নোৱাৰা অৱস্থা। উল্লেখযোগ্য যে, প্ৰতিবছৰে ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নদীৰ বানে বিধষ্ট কৰা এই সকল কৃষকৰ অৰ্থনীতিৰ মুল আধাৰেই হৈছে ৰবি খেতি। কিন্তু এইবাৰ কৃষি ঋণৰ বোজালৈ কৰা ৰবি খেতিৰ পৰাও প্ৰকৃত মূল্য পাবলৈ সক্ষম নোহোৱা কৃষকৰ স্বাভাবিকতেই থানবান হৈ যাব অৰ্থনৈতিক পৰিকাঠামো।

ইফালে বোকাখাত বিধান সভা সমষ্টিৰ কৃষি খণ্ডত অভুতপূৰ্ব সফলতাৰ শ্ল'গানলৈ পুণৰ বোকাখাতত গাদী দখলৰ নিৰ্বাচনত নামিল অতুল বৰা।সমষ্টিবাসী কৃষকৰ ধাৰাবাহীক আন্দোলন আৰু দাবীৰ পিছতো বোকাখাতত এইজন অতুল বৰাই কিন্তু স্থাপন কৰিব নোৱাৰিলে এটা শীতলি গৃহ আনকি স্হাপন কৰিব নোৱাৰিলে কৃষি নিৰ্ভৰ এটাও ক্ষুদ্ৰ উদ্যোগো ।

আনহাতে সমষ্টিটোত প্ৰচুৰ পৰিমানে উৎপাদিত বিলাহীকে আদি কৰি অন্যান্য শস্যৰ পৰা উৎপাদন কৰিব পৰা বিভিন্ন খাদ্য সামগ্ৰীৰ বাবে বোকাখাতত কেতবোৰ ক্ষুদ্ৰ উদ্যোগ প্ৰতিস্থাৰ বাবে দীৰ্ঘদিনৰ পৰা কৃষকে দাবী জনাই আহিছে যদিও বিগত পাঁচটা বছৰে হাই প্ৰফাইল কৃষি মন্ত্ৰীজনে কাণষাৰ নকৰিলে কৃষকৰ দাবীৰ প্ৰতি, ফলত উপায়ন্তৰ কৃষকে এতিয়া নিজেই নষ্ট কৰিব লগীয়া হৈছে উৎপাদিত শস্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in