ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক…

ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক…

ডিজিটেল সংবাদ ওৰাং: ওদালগুৰি জিলাৰ ৰৌতাৰ শিধাখোৱাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে কৃষকৰ ক্ষোভ। কৃষকৰ সমস্যাক পিঠি দি গভীৰ নিদ্ৰাত ওদালগুৰি জিলা জলসিঞ্চন বিভাগ। জলসিঞ্চন বিভাগৰ নিৰ্লিপ্ততাৰ বাবেই বাৰিষাৰ সময়তো পানীৰ সমস্যাত ভুগিছে বৃহত্তৰ ৰৌতা অঞ্চলৰ কৃষকে। বিভাগলৈ বাট নাচায় হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক।

জলসিঞ্চন বিভাগৰ ধনশ্ৰী সংমণ্ডলৰ অধীনস্থ শিধাখোৱা গাঁৱত থকা দোং মেৰামতি তথা ছাফা নকৰাৰ অভাৱত বিপাঙত পৰিছে বৃহত্তৰ ৰৌতা অঞ্চলৰ কৃষক সকল। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন নিবেদন কৰিও কোনো সুফল নাপালে ৰৌতা অঞ্চলৰ কৃষক সকলে। অৱশেষত বিভাগলৈ বাট চাই চাই উপায়হীন হৈ ওলাই আহিল কৃষক সকল।

নিজৰ গাঁঠিৰ ধন ভাঙি আৰু শ্ৰমদানেৰে জে চি‌ বি লৈ মেৰামতি কৰিলে পানীৰ দোং। বৃহত্তৰ ৰৌতা অঞ্চলৰ ৩০ খনৰো অধিক গাৱৰ কৃষিজীৱি ৰাইজে নিৰ্ভৰ কৰে শিধাখোৱা গাঁৱত থকা এই দোংটোৰ ওপৰত। বৃহত্তৰ ৰৌতা অঞ্চলৰ কৃষকে এই কেনেলৰ পানী ব্যৱহাৰ কৰি বছৰ বছৰ ধৰি খেতি কৰি আহিছে। যাৰ বাবে আজি বৃহত্তৰ ৰৌতা অঞ্চলৰ কৃষিজীৱি ৰাইজে হাতে হাতে দাঁ, কোৰ লৈ দোং চাফা কৰাৰ লগতে পুনৰ নিৰ্মাণ কৰে।

ৰাইজৰ অভিযোগ, দোংটোত জংঘলেৰে ভৰি থকাৰ কাৰণে বাৰিষা সময়ত পানী যাব নোৱাৰি ঠায়ে-ঠায়ে দোংটো ভাঙি পানী সোমাই বানপানীৰ সৃষ্টি কৰে আৰু মানুহৰ ঘৰ-বাৰী ক্ষতিগ্ৰস্ত কৰে। কিন্তু এই সন্দৰ্ভত স্থানীয় কৃষক সকলে জলসিঞ্চন বিভাগৰ ধনশ্ৰী সংমণ্ডলত অভিযোগ দিয়াৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে ক্ষোভিত কৃষক সকলে। এই সন্দৰ্ভত বিভাগীয় মন্ত্ৰী অশোক সিংঘালৰ হস্তক্ষেপ বিচাৰিছে ৰৌতা অঞ্চলৰ কৃষক সকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in