দিল্লীৰ কৃষক বিদ্ৰোহৰ সমৰ্থনত অসমৰ সমূহ কৃষক সংগঠনৰ প্ৰতিবাদ…

দিল্লীৰ কৃষক বিদ্ৰোহৰ সমৰ্থনত অসমৰ সমূহ কৃষক সংগঠনৰ প্ৰতিবাদ…

ডিজিটেল ডেস্ক : দিল্লীৰ কৃষক বিদ্ৰোহৰ সমৰ্থনত অসমতো কৃষক সংগঠন সমূহ একত্ৰিত হৈছে । বুধবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ বাবে মহানগৰীৰ ৰাজগড়ত সমবেত হ'ব ৰাজ্যৰ কৃষক সংগঠন সমূহ ।

কৃষক সহাসভা অসম, কৃষক মুক্তি সংগ্ৰাম সমিতি, বাওঁদলৰ কৃষক সংগঠন সমূহে এই আন্দোলনৰ প্ৰতি সমৰ্থন জনাই ৰাজগড়ত থকা পৰাগ দাস স্মৃতি ক্ষেত্ৰৰ সন্মুখত প্ৰতিবাদত অংশগ্ৰহন কৰিব । এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বেই আৰক্ষী – চিআৰপিএফৰ বৃহত দলে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়িবলৈ পোৱা যায় ।

দিল্লীত হোৱা এই কৃষক বিদ্ৰোহৰ কোনো সমাধান ওলোৱা নাই । কেন্দ্ৰীয় চৰকাৰে কৃষক সংগঠনৰ সৈতে প্ৰথমলানি বৈঠকত মিলিত হৈছিল যদিও কৃষক সংগঠন সমূহৰ নেতৃত্বই অগ্ৰাহ্য কৰে । উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে এই বিষয়তো অধ্যয়ন কৰিবলৈ এখন ৫ জনীয়া কমিটি গঠনৰ পৰামৰ্শ দিছে ।

এই প্ৰস্তাৱ অগ্ৰাহ্য কৰি কৃষক প্ৰতিনিধিয়ে প্ৰথম লানি বৈঠকত কগোনো সমাধান সূত্ৰ নলোৱাত দ্বিতীয় বৈঠক বুধবাৰে অনুষ্ঠিত হোৱাৰ সম্ভাবনা আছে । উল্লেখযোগ্য যে প্ৰথম বৈঠকত তিনিজন মন্ত্ৰীয়ে অংশ লৈছিল । সিন্দু সীমান্ত বৰ্তী অঞ্চলত এই কৃষক আন্দোলনৰ নেতৃত্বই বুধবাৰৰ পুৱাৰ পৰা আন এক বৈঠকত মিলিত হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in