দিল্লীৰ কৃষক আন্দোলনত চামিল অসমৰ জীপাল কৃষক শ্ৰমীক সংঘ…

দিল্লীৰ কৃষক আন্দোলনত চামিল অসমৰ জীপাল কৃষক শ্ৰমীক সংঘ…

ডিজিটেল সংবাদ বোকাখাতঃ তিনিখন কৃষক বিৰোধী আইন বিৰোধীতাৰে দিল্লীত ১১ মাহ ধৰি অব্যাহত থকা কৃষক আন্দোলনত নিজৰ স্থিতি স্পষ্ট কৰি কৃষি আইন বিৰোধিতাৰে বুধবাৰে গাজিপুৰ ব'ৰ্ডাৰত অৱস্থিত আন্দোলনকাৰী কৃষক সকলৰ অস্থায়ী চাৱনীত চামিল হয় অসমৰ জীপাল কৃষক শ্ৰমিক সংঘৰ সঁজাতি দল।

ৰাজ্যখনৰ কৃষক আৰু শ্ৰমিক বিৰোধী নীতিৰ ক্ষেত্ৰত মাত মাতি অহা জীপাল কৃষক শ্ৰমিক সংঘৰ এটা আঠজনীয়া দলে গাজীপুৰৰ কৃষক চাৱনীত অংশলৈ কৃষক বিৰোধী আইন বাতিল নকৰা পৰ্যন্ত চলা আপোচবিহীন সংগ্ৰামী ৰাইজৰ লগত মাত মাতি যোৱাৰ সংকল্প কৰে জীপাল কৃষক শ্ৰমিক সংঘৰ আহ্বায়ক পুতুল নৰহ আৰু দেৱ পেগুৱে।

উল্লেখযোগ্য যে, যি সময়ত প্ৰতিক্ৰিয়াশীল প্ৰাতিষ্ঠানিক চক্ৰ তথা একাংশ সংবাদ মাধ্যে কৃষক সংগ্রামটো স্থিমিত হোৱা বুলি অপপ্রচাৰ চলাই আছে, সেই সময়তে অসমৰ পৰা জীপাল কৃষক শ্ৰমীক সংঘৰ এক সক্ৰিয় সঁজাতী দল দিল্লীৰ গাজিপুৰৰ কৃষক চাৱনীত অংশ লৈ কৃষক বিৰোধী আইন বাতিল নকৰা পৰ্যন্ত চলা আপোচবিহীন সংগ্ৰামী ৰাইজৰ লগত মাত মাতি যোৱাৰ সংকল্পই বিশেষ তাৎপৰ্য বহন কৰিছে।

বুধবাৰে গাজিপুৰ বৰ্ডাৰত অৱস্থিত আন্দোলনকাৰী কৃষক সকলৰ অস্থায়ী চাৱনীত চামিল হোৱা জীপাল কৃষক শ্ৰমীক সংঘৰ সঁজাতি দলটোত আছে জীপালৰ আহ্বায়ক পুতুল নৰহ, দেৱ পেগু, কবি সাংবাদিক পল্লৱ হাজৰিকা, বিজু চাওতাল, উদিয়মান নাট্যকৰ্মী ভৰত চাহু, আদিবাসী লোকশিল্পী অমিৰ কৰ্মকাৰ, ঢুলীয়া ওজা দ্ৰোণ পাটগাৰী আৰু ৰাহুল পেগু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in