হাজো আৰক্ষীৰ অভিযানঃ ভুৱা টেট শিক্ষক আটক…

হাজো আৰক্ষীৰ অভিযানঃ ভুৱা টেট শিক্ষক আটক…

ডিজিটেল ডেস্কঃ ৰাজ্যত ভুৱা টেট শিক্ষকৰ বিৰুদ্ধে তীব্ৰ হৈছে অভিযান।সোমবাৰে নিশাৰ পৰা আৰক্ষীে এনে ভুৱা টেট শিক্ষকৰ বিৰুদ্ধে অভিযান চলাই পুনৰ আটক কৰিছে ৫ গৰাকী ভুৱা টেট শিক্ষক।হাজো আৰক্ষীৰ এই অভিযানত আটক হৈছে ভুৱা প্ৰমাণ পত্ৰৰে বিটিআৰত হাইস্কুলত নিযুক্তি লাভ কৰা টেট শিক্ষক।

হাজোৰ ১ নং বেলকৰ আৰু বঙালপাৰা অঞ্চলৰ পৰা আৰক্ষীয়ে আটক কৰিছে এই ৫ গৰাকী ভুৱা টেট শিক্ষক।আটকাধীন এই ভুৱা টেট শিক্ষক কেইগৰাকী ক্ৰমে দিলদাৰ হুছেইন, মুক্তাৰ আলী, আক্কাছ আলী, আজমুল হক আৰু নাজামুদ্দিন আহমেদ।

আটকাধীন আটাইকেইগৰাকী শিক্ষকক সোধা-পোছা অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে। জানিব পৰা মতে এই ভুৱা শিক্ষকসকলে ১ লাখ টকাৰ বিনিময়ত ভুৱা প্ৰমাণ পত্ৰ ক্ৰয় কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in