ধন দিয়ক নহ’লে বাতৰি প্ৰকাশ কৰিম! ভাবুকি দি মোৰাঝাৰত গ্ৰেপ্তাৰ ভুৱা সাংবাদিক, VIDEO

ধন দিয়ক নহ’লে বাতৰি প্ৰকাশ কৰিম! ভাবুকি দি মোৰাঝাৰত গ্ৰেপ্তাৰ ভুৱা সাংবাদিক, VIDEO

ডিজিটেল সংবাদ, ডবকাঃ হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষীয়ে সোমবাৰে আবেলি অভিযান চলাই এজন স্বয়ম্ভু সাংবাদিকক গ্ৰেপ্তাৰ কৰে৷ ধৃত যুৱকজনৰ নাম হ'ল হাচিব উদ্দিন তালুকদাৰ৷ বাতৰি অনুসৰি হাচিব উদ্দিন তালুকদাৰ নামৰ যুৱকজনে নিজকে সাংবাদিক বুলি পৰিচয় দি আহাৰ লগতে বিভিন্ন সময়ত অসৎ পন্থাৰে ধনদাবী কৰাৰো অভিযোগ উত্থাপিত হৈ আহিছে৷ তাৰোপৰি জনপ্ৰিয় ছচিয়েল নেটৱৰ্কিং চাইট ফেচবুকত একো একোটা নিউজ চেনেলৰ নাম দি পেজ খুলি ভিডিঅ' প্ৰস্তুত কৰি তাত আপলোড কৰি আহিছিল।

সংবাদ মাধ্যমৰ সকলো নীতি নিয়মক জলাঞ্জলি দি এই সকলে বিভিন্ন সময়ত বহু ভিডিঅ' প্ৰস্তুত কৰি আপলোড কৰি ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰো অভিযোগ উত্থাপিত হৈছে৷ সোমবাৰে মোৰাঝাৰ আৰক্ষী থানাৰ ধনদাবীৰ ১৪০/২০ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে স্বয়ম্ভু সাংবাদিকজনক গ্ৰেপ্তাৰ কৰি সম্প্ৰতি মোৰাঝাৰ আৰক্ষী থানাত মাৰাথান জেৰা অৱ্যাহত ৰাখিছে। জানিব পৰা মতে এই ধৃত হাচিব উদ্দিন তালুকদাৰ নামৰ যুৱকজনে নিজকে হোজাই জিলাৰ ৱেব মেডিয়া সন্থাৰ সভাপতি হিচাপে পৰিচয় দিয়াৰ উপৰিও হোজাই জিলা আৰক্ষী আৰু বনবিভাগৰ লগত সু সম্পৰ্ক থকা বুলি জহাই ফুৰিছিল।

আন এক অভিযোগ অনুসৰি এই যুৱকজনে তেওঁৰ আন একাংশ সাংগো-পাংগোক লগত লৈ মোৰাঝাৰৰ বিভিন্ন অঞ্চলত অবৈধ কঠফলা মিল, চোৰাং গৰু বেহা চলোৱা বেপাৰীৰ পৰা শকত পৰিমাণৰ ধন সংগ্ৰহৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে৷ এই স্বয়ম্ভু ভুৱা সাংবাদিক সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহনৰ বাবে ডবকা, মোৰাঝাৰ, নীলবাগান, যমুনামুখ অঞ্চলৰ সাংবাদিক সকলে হোজাই জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰওঁ প্ৰদান কৰিছিল৷ মোৰাঝাৰ আৰক্ষীৰ এই পদক্ষেপক শলাগিছে হোজাই জিলাৰ সচেতন মহলে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in