প্ৰেমে নামানে একো বাধা! ফেচবুকত প্ৰেম কৰি যুৱকৰ সৈতে ৮ বছৰীয়া সন্তানৰ মাতৃৰ নতুন সংসাৰ

প্ৰেমে নামানে একো বাধা! ফেচবুকত প্ৰেম কৰি যুৱকৰ সৈতে ৮ বছৰীয়া সন্তানৰ মাতৃৰ নতুন সংসাৰ

ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়া৷ আধুনিকতাৰ যুগৰ অপহৰিহাৰ্য্য অংগ হৈ পৰা ছ'চিয়েল মিডিয়া বহু সময়ত যেনেকৈ লাভজনক তেনেকৈ ইয়ে বহুতৰ জীৱনলৈ নমাই আনিছে অমানিশাও৷ ফেচবুকৰ জৰিয়তে চিনাকি হৈ এগৰাকী বিবাহিত মহিলাক প্ৰৰোচিত কৰি পলুৱাই নিয়াৰ এক ঘটনা সংঘটিত হৈছে পশ্চিম বংগৰ নৱদ্বীপত৷

বুধবাৰে বিবাহিত মহিলাহগৰাকীৰ পিতৃয়ে এই সন্দৰ্ভত দেৱনাথ নামৰ এজন যুৱকৰ বিৰুদ্ধে নৱদ্বীপ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ অভিযুক্ত ২২ বৰ্ষীয় যুৱকজনৰ ঘৰ নাদনঘাট থানাৰ অন্তৰ্গত নিচু চাঁপাহাটীত বুলি জানিব পৰা গৈছে৷ যুৱক জনে এটা গেৰেজত কাম কৰে বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে৷

মহিলাগৰাকীৰ পৰিয়ালে জনোৱা মতে, ১১ বছৰ পূৰ্বেই কৃষ্ণনগৰৰ এটি মধ্যবিত্ত পৰিয়ালত মহিলাগৰাকীৰ বিবাহ হয়৷ কিন্তু এটি সন্তান জন্ম পোৱাৰ পিছতে স্বামীৰ সৈতে মনমালিন্য ঘটি মহিলাগৰাকীয়ে স্বামী গৃহ ত্যাগ কৰি পিতৃ গৃহত থাকিবলৈ লয়৷ ৮ বছৰীয়া সন্তানৰ মাতৃ মহিলাগৰীয়ে সোমবাৰে মাতৃৰ সৈতে বজাৰলৈ যোৱাৰ সময়তে ফাঁকি দি যুৱকজনৰ সৈতে পলায়ন কৰে৷ মহিলাগৰাকীয়ে পলায়ন কৰাৰ সময়ত লগত আধাৰ কাৰ্ড, পান কাৰ্ড আৰু কিছু টকাও লৈ যায় বুলি জানিবলৈ দিয়ে পৰিয়ালে৷

জানিব পৰা মতে, দেৱনাথ নামৰ যুৱকজনৰ সৈতে ফেচবুকৰ জৰিয়তে চিনাকি হয় মহিলাগৰাকীৰ৷ প্ৰথমে দুয়োৰে মাজত সাধাৰণ বাৰ্তালাপ চলি থকাৰ পিছতে যুৱকজনে মহিলাগৰাকীক বিবাহৰ প্ৰস্তাৱ দিয়ে৷ যুৱকজনৰ প্ৰস্তাৱত মহিলাগৰাকীয়ে সন্মতি প্ৰকাশ কৰে৷ ইফালে, ইয়াৰ পূৰ্বে ফেচবুকত পৰপুৰুষৰ সৈতে প্ৰেমালাপ কৰাৰ বাবেই মহিলাগৰাকীৰ স্বামীৰ সৈতে কাজিয়াৰ সূত্ৰপাত ঘটিছিল বুলিও জানিব পৰা গৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in