শেহতীয়া খবৰ
গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী  •  শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...  •  কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা...

ভাৰতত ফেচবুকত চকু ৰাখিব অজিত মোহনে

457

ডিজিটেল ডেস্কঃ নিযুক্তি দিয়া হ’ল ভাৰতৰ ফেচবুকৰ সেনাপতিজনক। মঙলবাৰে ফেচবুকে ভাৰতৰ নতুন পৰিচালন সঞ্চালক হিচাপে নিযুক্তি দিয়ে অজিত মোহনক।

জনপ্ৰিয় অনলাইন টেলিভিছন ‘হটষ্টাৰ’ৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কৰ্মৰত অজিত মোহনে ভাৰতৰ ফেচবুকৰ উপসভাপতি হিচাপেও দায়িত্ব অৰ্পণ কৰিছে। যোৱা এবছৰ ধৰি খালী আছিল ফেচবুকৰ এই দুটা পদ।

দীৰ্ঘদিন ধৰি অজিত মোহনৰ অনলাইন জগতত থকা নিজৰ অভিজ্ঞতাৰ ভিত্তিত এই দুয়োটা পদতে নিযুক্তি দিয়া হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে ফেচবুকৰ উপাধ্যক্ষ ডেভিদ ফিচাৰে।

উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে ফেচবুকে নিজৰ পে’জৰ পৰা ভুৱা খবৰ আতৰাবৰ বাবে এক নতুন পৰিকল্পনা কৰিছিল। এই বিষয়ত অজিত মোহনক বিশেষ ব্যৱস্থা ল’বলৈকো পৰামৰ্শ প্ৰদান কৰিছে ফেচবুকৰ মুখ্য কাৰ্যালয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি