২০০ বছৰ হ'ল ইয়াণ্ডাবু সন্ধিৰঃ ৰাজ্যজুৰি আলোচনাচক্ৰ বক্তৃতানুষ্ঠান আয়োজন

২০০ বছৰ হ'ল ইয়াণ্ডাবু সন্ধিৰ । এই উপলক্ষ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল-সংগঠনে অনুষ্ঠিত কৰিছে বিভিন্ন অনুষ্ঠান।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-24 at 10.42.43 AM

ডিজিটেল ডেস্কঃ ২০০ বছৰ হ'ল ইয়াণ্ডাবু সন্ধিৰ । এই উপলক্ষ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল- সংগঠনে অনুষ্ঠিত কৰিছে বিভিন্ন অনুষ্ঠান। উল্লেখযোগ্য যে- অসম বুৰঞ্জীৰ এটা গুৰুত্বপূৰ্ণ দিন আজিৰ দিনটো। ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈছিল ইয়াণ্ডাবু সন্ধি। তাৰ পাছতে অৱসান ঘটিছিল অহোম ৰাজত্বৰ। ১২২৮ চনত চুকাফাই আহোম ৰাজ্য স্থাপন কৰিছিল। সেই স্বতন্ত্ৰ ৰাজ্যখনৰ স্বাধীনতাবেদী মাৰ গৈছিল এই সন্ধিৰ পাছত। বিভিন্ন দৃষ্টি কোণেৰে ইয়াণ্ডাবু সন্ধি আলোকপাত কৰিব পাৰি। 

ব্ৰহ্মদেশৰ পৰা মান সেনা আহি আহোম ৰাজতন্ত্ৰৰ ওপৰত চলোৱা আক্ৰমণৰ শেষ পৰিণতি আছিল ইয়াণ্ডাবু সন্ধি। যাৰ সুযোগ লৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে। তথ্য পোৱা যায় যে এই চুক্তিৰ বাবদ ব্ৰিটিছ কতৃপক্ষই সেই সময়তে প্ৰায় ১ কোটি টকা ক্ষতিপূৰণ বিচাৰিছিল। তাৰ পাছতেই অসমৰ শাসন ক্ৰমশঃ ব্ৰিটিছৰ অধীনলৈ গৈছিল। ইৰাৱতী নৈৰ পাৰত থকা ইয়াণ্ডাবু নামৰ গাঁৱত এই চুক্তি স্বাক্ষৰিত হৈছিল। অৱশ্যে এই চুক্তি স্বাক্ষৰ কৰাৰ সময়ত আহোম ৰাজপক্ষৰ কোনো প্ৰতিনিধি উপস্থিত থকা নাছিল।

ইয়াণ্ডাবু সন্ধি