তামিলনাডুৰ ফটকা ফেক্টৰীত ভয়ংকৰ বিস্ফোৰণ, নিহত ৫জন…

তামিলনাডুৰ ফটকা ফেক্টৰীত ভয়ংকৰ বিস্ফোৰণ, নিহত ৫জন…

ডিজিটেল ডেস্কঃ তামিলনাডুৰ কুড্ডালোৰ জিলাত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ ঘটনা। কুড্ডালোৰৰ এটা ফটকা ফেক্টৰীত সংঘটিত হৈছে বিস্ফোৰণ। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি এই বিস্ফোৰণত মৃত্যু হৈছে ৫জনকৈ লোকৰ।

এই বিস্ফোৰণ কেনেকৈ সংঘটিত হৈছে সেই সন্দৰ্ভত বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও তদন্ত অব্যাহত ৰখা হৈছে। উল্লেখ্য যে, কুড্ডালোৰ জিলাৰ কট্টুমন্নাৰকোলী এলেকাত আছে এই ফটকা ফেক্টৰীটো। চেন্নাইৰ পৰা ১৯০ কিলোমিটাৰ দূৰৈত থকা এই ফেক্টৰীত শুকুৰবাৰে হঠাৎ সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in