এক্সক্লুছিভ ছেটেলাইট ফটোঃ অৰুণাচলৰ ভিতৰত চীনে নিৰ্মাণ কৰিলে গাঁও…

এক্সক্লুছিভ ছেটেলাইট ফটোঃ অৰুণাচলৰ ভিতৰত চীনে নিৰ্মাণ কৰিলে গাঁও…

ডিজিটেল ডেস্কঃ চীনৰ আৰু পূব লাডাখৰ সীমা বিবাদৰ মাজতে অৰুণাচলপ্ৰদেশৰ এখন ফটো পোহৰলৈ আহিছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, ছেটেলাইটৰ পৰা তোলা এখন ফটোত দেখা গৈছে যে, চীনে অৰুণাচলপ্ৰদেশত এখন নতুন গাঁও নিৰ্মাণ কৰিছে। যিখন গাঁৱত আছে প্ৰায় ১০১টা ঘৰ।

১ নবেম্বৰ, ২০২০ত তোলা এই ফটোখন লৈ বিশেষজ্ঞৰ সৈতে ৰাষ্ট্ৰীয় সংবাদমাধ্যম এনডিটিভিয়ে আলোচনা কৰাত জানিব পৰা যায় যে, এই গাঁওখন ভাৰতৰ সীমান্তৰ ৪.৫ কিলোমিটাৰ ভিতৰত অৱস্থিত। যি ভাৰতৰ বাবে অতি চিন্তাৰ কাৰণ। উল্লেখ্য যে, এই গাঁওখন আছে আপাৰ শোৱণশিৰি জিলাৰ তসাৰী চু নদীৰ পাৰত। এই এলেকাটো হৈছে দুয়োখন দেশৰ মাজত দীৰ্ঘ সময়ৰ পৰা চলি থকা বিবাদৰ স্থান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in