জটিল সময়, আমাৰ মানুহবোৰ পৰিপক্ক, নিশ্চয় সহযোগিতা কৰিবঃ ভাস্কৰজ্যোতি মহন্ত…

জটিল সময়, আমাৰ মানুহবোৰ পৰিপক্ক, নিশ্চয় সহযোগিতা কৰিবঃ ভাস্কৰজ্যোতি মহন্ত…

ৰাজ্যত কোৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউন আৰম্ভ হ'ল ২৪ মাৰ্চৰ সন্ধিয়া ৬ বজাৰ পৰা। এয়া এক জটিল সময়। আমাৰ বাবে আপোনালোক ঘৰত থাকক আৰু আপোনালোকৰ বাবে আমি বাহিৰত সেৱা কৰিম। এই নীতিৰেই এই জটিল সন্ধিক্ষণত দায়িত্ব পালন কৰিবলৈ সাজু হৈছে অসম আৰক্ষী।

'ভয়ংকৰ বিপদৰ পৰা উদ্ধাৰ পাবলৈ আমি অসুবিধা হ'লেও পৰিস্থিতিৰ লগত সহবাস কৰিবই লাগিব।' – লকডাউনৰ সময়চোৱাত ৰাজ্যবাসীৰ প্ৰতি আহ্বান অসম আৰক্ষীৰ সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তৰ। নিয়ম নামানিলে কঠোৰ হ'ব আৰক্ষী। অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ হৈ মৃদুল কুমাৰ সন্দিকৈয়ে এই সন্দৰ্ভত টেলিফোনযোগে কথা পাতিছিল আৰক্ষী সঞ্চালক প্রধানগৰাকীৰ। সেই সাক্ষাৎকাৰত কি ক'লে আৰক্ষী সঞ্চালক প্রধানগৰাকীয়ে-

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কঃ ২৪ মাৰ্চৰ সন্ধিয়াৰ পৰা চৰকাৰে ৰাজ্যত লকডাউন ঘোষণা কৰিছে। এই সন্দৰ্ভত জনসাধাৰণ প্ৰতি আপোনাৰ আহ্বান কি হ'ব?

আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তঃ চাৰকাৰে যি নিয়ম বান্ধি দিছে সেয়া মানি চলিব লাগে নিজৰ স্বাৰ্থত। ভয়ংকৰ এটা বিপদ আহিছে দেশলৈ। তাৰ পৰা উদ্ধাৰ পাবলৈ যিবোৰ নিয়ম বান্ধি দিছে সেইবোৰ মানি চলিব লাগিব। কষ্ট হ'ব, অসুবিধা হ'ব কিন্তু পৰিস্থিতিৰ লগত সহবাস কৰিব লাগিব।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কঃ এই নিয়ম বা নিৰ্দেশনা যাতে ৰাইজে মানে সেই দিশটো আৰক্ষীয়ে কেনেদৰে চোৱাচিতা কৰিব?

আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তঃ সমগ্ৰ ৰাজ্যতে সকলো আৰক্ষীৰ লোকক বুজাই দিয়া হৈছে। নিৰ্দেশা দিয়া হৈছে। আমাৰ জ্যেষ্ঠ বিষয়াসকল স্থানীয় আৰক্ষীৰ সৈতে হাতে কামে লাগি গৈছে। আমি ফায়াৰ ব্ৰিগেডক জিএমচিৰ লগত মই নিজেই লগ লগাই দিছো। এতিয়া চফা কৰা অভিযানো হাতত লোৱা হৈছে। এই প্ৰছেছ আৰম্ভ হৈছে। মই নিজেই এই ক্ষেত্ৰত উদ্যোগ লৈছো। জিএমচিৰ আয়ুক্তৰ সৈতে আৰু ফায়াৰ ছাৰ্ভিচৰ সৈতে লগ লাগি সেই অভিযানো আৰম্ভ হৈছে। আৰু ৰাস্তাবোৰ আমি খালী পালেই যিখিনি ছেনিটাইজিং ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইবোৰ কৰা হ'ব। চৰকাৰেও এই ক্ষেত্ৰত সহযোগ কৰিছে। এইটো চলি আছে সমান্তৰালভাৱে। পুলিচে এই সময়খিনি ভালদৰে তদাৰক কৰিব। আৰু মানুহে যদি সেই নিয়ম অমান্য কৰে বা নামানে তেনেহ'লে মানুহৰ অকণমান অপ্ৰিয় হ'ব আৰক্ষী। আৰক্ষী কঠোৰ হ'বলৈ বাধ্য হ'ব।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কঃ এই জটিল পৰিস্থিতিত আৰক্ষীৰ লোকসকলেও যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। তেওঁলোকৰ ক্ষেত্ৰত কিধৰণৰ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰা হ'ব?

আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তঃ যি যি সাৱধানতা আৰক্ষীৰ লোকসকলে ল'ব লাগে সেই সন্দৰ্ভত মই বাৰংবাৰ আৰক্ষীৰ অধীক্ষকসকলৰ সৈতে কথা পাতি আছো। চি অ' সকলৰ লগত মই নিজেই যোগাযোগত আছো। তেওঁলোকক সকলো নিৰ্দেশনা দি থকা হৈছে। কাইলৈ এখন ভিডিঅ' কনফাৰেঞ্চো আছে। আৰক্ষীৰ লোকসকলৰ প্ৰতিৰোধৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে চৰকাৰৰ সহযোগিতাত আগবাঢ়ি থকা হৈছে। যাতে সকলোৱে প্ৰতিৰোধ মূলক সা-সুবিধা আৰু নীতি নিৰ্দেশনা মানি চলা হৈছে। আমি নিজাববীয়াকৈ যিমানখিনি পাৰো সেইখিনি কৰি থকা হৈছে। আৰু আমাৰ জ্যেষ্ঠ বিষয়াই নিজা উদ্যোগত স্থানীয় কলেজৰ বিজ্ঞানাগাৰত তেখেতলোকৰ সহযোগত যুগ্মভাৱে ছেনিটাইজাৰ আদি প্ৰস্তুত কৰি লৈছে। সদ্যহতে এইধৰণে আমি সাৱধানতাৰে প্ৰতিটো খোজ আগবঢ়াইছো।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কঃ অসম আৰক্ষীয়েও এই ভাইৰাছৰ প্ৰতিৰোধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাই নহয়, ছ'চিয়েল মিডিয়া যোগেও ভালেখিনি পদক্ষেপ গ্ৰহণ কৰা দেখা পোৱা গৈছে।

আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তঃ হয়, আমি উদ্যোগ লৈছো। মানুহে গম পাইছে। মানুহৰ মাজলৈ এই বাৰ্তাবোৰ গৈছে। তথাপিও কিছুলোকে এইবোৰ ধেমালি বুলি ভাবে। সেই নকৰিব লগা কামবোৰ কৰাৰ এতিয়া সময় নহয়। সকলোৱে সহযোগিতাৰে হাতে-কামে লাগি এই জটিল পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ সহযোগ কৰাৰ সময় এয়া।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কঃ লকডাউনৰ সময়চোৱাত আইন শৃংখলাজনিত পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা বা অপৰাধজনিত ঘটনা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে নেকি? আৰক্ষী কেনেদৰে সাজু সেয়া প্ৰতিহত কৰিবলৈ?

আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তঃ এই সময়ত আমি বিশেষ নজৰ ৰখাৰ ব্যৱ্স্থা কৰিছো। আইন শৃংখলাজনিত কোনো পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ কাৰণে চকু ৰাখিছো। আৰু আশা কৰো এনেকুৱা সময়ত কোনেও আহুকাল নকৰিব, বা বিধিপথালি নিদিব। আৰু আমি আজি সমাজখন ৰক্ষা কৰাৰ প্ৰক্ৰিয়াত আছো। গতিকে সকলোৱে হাত উজান দিব নিশ্চয়। আমাৰ মানুহখিনি ভাল আমাৰ মানুহখিনি পৰিপক্ক।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কঃ ধন্যবাদ।

আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তঃ ধন্যবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in