মহানগৰীত ৬ লাখ মদৰ বটলত চলিল আবকাৰীৰ ৰোলাৰ

মহানগৰীত ৬ লাখ মদৰ বটলত চলিল আবকাৰীৰ ৰোলাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগে ব্যুৰ' অব ইনভেষ্টিগেশ্যন এণ্ড ইক'নমিক অফেন্সেছ চমুকৈ BIEOৰ সহযোগত শুকুৰবাৰে মহানগৰীত বৃহৎ পৰিমাণৰ জব্দকৃত বিলাতী সুৰাৰ বটল নষ্ট কৰে।

মহানগৰীৰ গড়চুক অঞ্চলত দেশীয়ভাৱে নিৰ্মিত কেবা হাজাৰ লিটাৰ জব্দকৃত বিলাতী সুৰাৰ এই বটলসমূহ BIEOৰ বিষয়াৰ উপস্থিতিত সহস্ৰাধিক লোকৰ সমুখত ৰোলাৰেৰে ভাঙি পেলোৱা হয়।

জব্দকৃত বিলাতী সুৰাৰ বটল নষ্ট কৰাৰ সময়ত অসম চৰকাৰৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যও উপস্থিত আছিল। উল্লেখ্য যে অসমত প্ৰথমবাৰৰ বাবে এনেকৈ ইমান বৃহৎ পৰিমাণৰ জব্দকৃত বিলাতী সুৰাৰ বটল ৰোলাৰৰ সহায়ত সকলোৰে সমুখত নষ্ট কৰা হৈছে।

আবকাৰী বিভাগৰ সূত্ৰই সদৰী কৰা মতে মদ নিবাৰণী অভিযানৰ অংশ হিচাপে হাতত লোৱা আজিৰ এই বটল নষ্টকৰণত অতি কমেও ৬ লাখ বটল নষ্ট কৰা হৈছে। বিষয়াগৰাকীয়ে জনোৱা মতে আজি এনেদৰে ৰোলাৰৰ সহায়ত নষ্ট কৰা সুৰাখিনিৰ বজাৰমূল্য কেবা লক্ষাধিক।

এই বটলসমূহ বিভিন্ন সময়ত মহানগৰীৰ ভিন্ন স্থানৰ পৰা একাধিক অভিযানত জব্দ কৰা হৈছিল বুলি সদৰী কৰিছে আবকাৰী বিভাগে। গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যতে বিলাতী সুৰাৰ অবৈধ বেহা সম্পূ্ৰ্ণৰূপে বন্ধ কৰাৰ লক্ষ্যৰে অনাগত দিনসমূহতো এই কাৰ্য অব্যাহত ৰখা হ'ব বুলিও জানিবলৈ দিছে আবকাৰী বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in