এখন ব্যতিক্ৰমী বিবাহ,ৰভাৰ তলীত ন-কইনাক কাষত বহুৱাই ৰক্তদান কৰিলে দৰাই…

এখন ব্যতিক্ৰমী বিবাহ,ৰভাৰ তলীত ন-কইনাক কাষত বহুৱাই ৰক্তদান কৰিলে দৰাই…

ডিজিটেল সংবাদ,মাজুলী : মাজুলীত এজন যুৱকৰ মহানতা। কভিড -১৯ ৰ জটিল সংকটৰ সময়ত নিজ বিবাহত কভিড প্ৰট'কল মানি ন-কইনাক কাষত বহুৱাই ৰক্তদান কৰিলে। আজি মাজুলী জিলাৰ মিলন মধুপুৰৰ গাৱৰ সত্যজিৎ বৰা আৰু বোকাখাতৰ কুৰুবাহীৰ ৰিমজিম বৰাৰ শুভবিবাহ। সত্যজিৎ বৰা নামৰ যুৱক জনৰ বিবাহ অনুষ্ঠানত দেখিবলৈ পোৱা গ'ল ব্যতিক্ৰমী দৃশ্য। জীৱনৰ বিশেষ দিনটোত ৰভাতলীত আয়োজন কৰিলে ৰক্তদান শিবিৰ।

মাজুলী জিলা স্বাস্থ্য বিভাগৰ সহযোগত আৰু টিম হিউমেনিটীৰ উদ্যোগত আয়োজন কৰা উক্ত ৰক্তদান কাৰ্যসূচীত নিজে ৰক্তদান কৰাৰ লগতে সকলোকে ৰক্তদান কৰি এটি জীৱন বচোৱাৰ দৰে মহান কাম কৰিবলৈ আহ্বান জনায় । এই সন্দৰ্ভত সত্যজিৎতে অৱগত কৰা অনুসৰি -" যুগ্ম জীৱনৰ পাতনি মেলাৰ বিশেষ দিনটো  ৰক্তদানেৰে অধিক মনত ৰাখিব বিচাৰিছে তেওঁ। বহুবছৰৰ পৰা 'টিম হিউমিনিটি' নামৰ এটি ৰক্তদান অনুষ্ঠানৰ সৈতে জড়িত হৈ আছে ।

মাজুলী জিলাত প্ৰথম আৰু অসমৰ দ্বিতীয় বাৰৰ বাবে টিম হিউমেনিটীৰ সদস্যৰ ঘৰত বিবাহ অনুষ্ঠানত এনেদৰে ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰিছে। টিম হিউমেনিটীয়ে বিগত ৬ টা বছৰে নিৰবিছিন্ন ভাৱে ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰি মানৱৰ কল্যাণৰ হকে কাম কৰি আহিছে।

আনহাতে মাজুলীত ৰক্ত ভাণ্ডাৰ স্থাপনৰ এবছৰ হল যদিও আজিকোপতি ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰা নাই যাৰ ফলত কেতিয়াবা মাজুলীত ৰোগীৰ হাহাকাৰ হৈ পৰে বুলি জেষ্ঠ চিকিৎসক ডা মানিক মিলিয়ে এয়া ইতিবাচক আৰম্ভণি বুলি উল্লেখ কৰে। লগতে স্বামীৰ এনে পদক্ষেপৰ সাক্ষী হৈ ন-কইনাই ক'লে- স্বামীৰ এই মহৎ পদক্ষেপক সদায় সহযোগিতা আগবঢ়াই যাম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in