শান্তিৰ নোবেলজয়ী ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিব প্ৰধান কফি আন্নানৰ মৃত্যু

শান্তিৰ নোবেলজয়ী ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিব প্ৰধান কফি আন্নানৰ মৃত্যু

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিব প্ৰধান নোবালেজয়ী কফি আন্নান আৰু নাই। শনিবাৰে ৮০ বছৰ বয়সত ছুইজাৰলেণ্ডৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে সমগ্ৰ বিশ্বতে অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰা আন্নানে। টুইটাৰৰ জৰিয়তে এই কথা সদৰী কৰিছে তেওঁৰ পৰিয়ালৰ সূত্ৰই।

আফ্ৰিকাৰ ঘানাত জন্মগ্ৰহণ কৰা আন্নান ১৯৯৭ চনৰ পৰা ২০০৬ চনলৈকে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ দায়িত্বত আছিল। তেৱেই হৈছে উক্ত পদত অধিষ্ঠিত হোৱা প্ৰথমদন আফ্ৰিকান নাগৰিক।

আন্নান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ দায়িত্বত থকাৰ সময়তে সংঘটিত হৈছিল ইৰাক যুদ্ধ। কফি আন্নান ফাউণ্ডেশ্যনৰ তৰফৰ পৰা প্ৰদান কৰা এক বিবৃতিত কোৱা হৈছে যে অন্যায়ৰ বিৰুদ্ধে যি বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছিল তাৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ থাকিব।

মৃত্যুৰ সময়ত আন্নানে পত্নী নেন, তিনি সন্তান এমা, কজু আৰু নিনাক এৰি থৈ যায়।

উল্লেখ্য যে অৱসৰৰ পিছত নোবেলজয়ী আন্নানে শান্তি স্থাপনৰ বাবে ৰাষ্ট্ৰসংঘৰ বিশেষ দূত হিচাপে ছিৰিয়ালৈ গৈ বহুদিন কটাইছিল। বিগত বৰ্ষত ম্যানমাৰত ৰোহিংগীয়াসকলৰ ওপৰত চলা অত্যাচাৰৰ ঘটনা পোহৰলৈ অহাৰ পিছতো ৰাষ্ট্ৰসংঘই আন্নানৰ নেতৃত্বতে বিশেষ আয়োগ গঠন কৰি দিছিল। ৰোহিংগীয়া পৰিস্থিতি প্ৰত্যক্ষ কৰিবলৈ বাংলাদেশলৈকো আহিছিল ২০০১ চনত শান্তিৰ নোবেল জয়ী আন্নানে।

আন্নানৰ মৃত্যুত ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিব প্ৰধান এণ্টনিঅ' গুটাৰ্ছ, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ লগতে বিশ্বনেতাসকলে গভীৰ শোক ব্যক্ত কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এইগৰাকী বিশ্বনেতাৰ মৃত্যুত ব্যক্ত কৰিছে গভীৰ শোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in