এয়া শেষ ৰণ অসমীয়াৰঃ ‘কেব’ৰ বাবেই এৰিছিলো চাকৰি বায়ু সেনাৰ…

এয়া শেষ ৰণ অসমীয়াৰঃ ‘কেব’ৰ বাবেই এৰিছিলো চাকৰি বায়ু সেনাৰ…

২০১৭ চন।ৰাজ্যত তীব্ৰতৰ হোৱা নাছিল কেব বিৰোধী আন্দোলন। তেনে সময়তে এই বিধেয়কখনৰ ভয়াৱহতাৰ কথা জানি বায়ু সেনাৰ চাকৰি ত্যাগ কৰিছিল অসমৰ এজন বিষয়াই । বৰ্তমান তেওঁ ক'ত আছে? ডিম্পুল বৰগোহাঁইৰ বিশেষ প্ৰতিবেদন…

'অসমীয়াৰ এয়া শেষ ৰণ, ভাই-ককাই, আই-বোপাই ঘৰত নাথাকিবি সোমাই। জাগ ঐ অসমীয়া, জাগ।' এখন চাইকেল লৈ ৰাস্তাই ৰাস্তাই এজন যুৱকৰ এই আহ্বান। কেবৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্যৰ গ্ৰামাঞ্চলৰ ৰাইজক সজাগ-সচেতন কৰাৰ উদ্দেশ্য যুৱকজনে আৰম্ভ কৰিছে অসম ভ্ৰমণ কাৰ্যসূচী। এই ভ্ৰমণত তেওঁৰ সংগী এটা বেগ আৰু এখন চাইকেল। চাইকেলখনত যুৱকজনে আঁৰি লৈছে কেইবাখনো ফলক। তাৰে এখনত লিখা আছে 'জাগ ঐ অসমীয়া, জাগ'।

ৰাজ্য তথা দেশৰৰাজনীতিৰ প্ৰায়বোৰ গুৰুত্বপূৰ্ণ খবৰত চকু ৰাখে যুৱকজনে। নাগৰিকত্ব সংশোধনী বিধেয়কৰওপৰত ২০১৬ চনৰ পৰাই তীক্ষ্ম দৃষ্টি ৰাখিছিল যুৱকজনে। অসমীয়া জাতি, কৃষ্টি-সংস্কৃতিক বিনষ্ট কৰিব পৰা এই বিধেয়কখনকলৈ বন্ধুবৰ্গৰ সৈতে প্ৰায়ে আলোচনাও কৰে তেওঁ। বিধেয়কখনক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত চলিথকা ৰাজনীতি আৰু অসমৰ ভৱিষ্যতৰ কথা ভাৱি অৱশেষত তেওঁ ল'লে জীৱনৰ এটা ডাঙৰ সিদ্ধান্ত।

২০০৩ চনত যুৱকজনে যোগদান কৰিছিল ভাৰতীয় বায়ু সেনাত। যোগদানৰ পাছত প্ৰায় ১০টা বছৰ অথাৎ ২০১৪ চনৰ লৈকে তেওঁ তেজপুৰতে আছিল। ২০১৫ চনত তেওঁ বদলি হৈ যায় চেন্নাইৰ অমৰামলৈ। ভাৰতীয় বায়ু সেনাত মিছাইল বিভাগৰ এগৰাকী বিষয়া হিচাপে কাৰ্যনিবাহ কৰা যুৱকজনে ২০১৭ চনৰ প্ৰথমভাগতে চাকৰিৰ পৰা ইস্তাফা দিয়ে। বায়ুসেনাৰ চাকৰি এৰি তেওঁ পুনৰ ঘূৰি আহে অসমলৈ।

সেইসময়ত কোনেওভৱাই নাছিল যে বায়ুসেনাৰ চাকৰি যুৱকজনে হঠাতে এৰি দিব। তেওঁৰ লগত থকা পত্নীকোচাকৰি ইস্তাফাৰ বাবে আবেদন দিয়াৰ পাছতহে জনাইছিল এই কথা। বায়ুসেনাৰ চাকৰি এৰি তেওঁপ্ৰথমে গুৱাহাটীৰ লাখটকীয়াত আৰম্ভ কৰিলে এখন পাণৰ দোকান। তেওঁৰ মতে, বিদেশীক খেদাৰ বাবে আন্দোলন কৰিলেই নহ'ব। বিদেশীৰ ওপৰত ভেজা নিদিয়াকৈ আমি চলিবও জানিবলাগিব।

এইখিনি লৈকেযুৱকজনৰ কথা আমি জানিব পাৰিছিলো ছচিয়েল মিডিয়াৰ জৰিয়তে। কেবক লৈ বিভিন্নজনেব্যতিক্ৰমীধৰণে আন্দোলন কৰিছে, ঠিক সেইদৰে এইযুৱকজনে কৰা আন্দোলনক লৈও ছচিয়েল মিডিয়াত চলিছে ব্যাপক চৰ্চা। যুৱকজনক লৈ চৰ্চাচলিছিল যে, কেবৰ বাবেই তেওঁএৰি আহিছিল বায়ুসেনাৰ চাকৰি। কিন্তু তেওঁ যি সময়ত চাকৰি এৰিছিল সেইসময়ত কেবক লৈৰাজ্যত বিশেষ কোনো আন্দোলন-প্ৰতিবাদ হোৱা নাছিল। সেয়েহে এই কথাক ১০০ শতাংশই মানিবলব নোৱাৰি তেওঁৰ সৈতে যোগাযোগ কৰা হ'ল।

আমি যোগাযোগ কৰাৰ সময়ত তেওঁ আছিল গোলাঘাটৰ কমাৰগাঁৱৰ ৰাজপথত। পৰিচয় দিয়াৰ পাছত তেওঁক সোধা হ'ল কেবৰ বিৰুদ্ধে আৰম্ভ কৰা এই যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হৈছে! তেওঁ ক'লে, গুৱাহাটীৰ পৰা ১ ডিচেম্বৰত আৰম্ভ কৰিছো।' এনে পন্থা বাছি লোৱাৰ কাৰণ সোধাত তেওঁ ক'লে অসমৰ বহু গ্ৰামাঞ্চলৰ লোকে কেবৰ ভয়াৱহতাৰ বিষয়ে এতিয়াও জ্ঞাত নহয়। সকলোৱে অন্যভাগে প্ৰতিবাদ সাব্যস্ত কৰিছেই। অসমৰ প্ৰতিজন লোকেই কেবৰ বিষয়ে জানি প্ৰতিবাদ কৰাটো খুবেই প্ৰয়োজন। ৰাস্তালৈ ওলাই নাহিলেও, সকলোৱে পদূলিৰ মুখতে একোখনকৈ কলা পতাকা আঁৰি এই বিধেয়কৰ বিৰোধিতা কৰিবলৈ মই সকলোকে আহ্বান জনাই আহিছো।'

২০১৭ চনৰ ডিচেম্বৰত আপুনি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুঁজ দিবলৈকে বায়ু সেনাৰ চাকৰি এৰা বুলি এক চৰ্চা চলিছে, এয়া আচলতে কিমান সচাঁ! এই প্ৰশ্নৰ উত্তৰত তেওঁ ক'লে, ' এশ শতাংশই সচাঁ কথা। অৱশ্যে সেই সময়ত ৰাজ্যত কেবৰ বিৰুদ্ধে বৰ বেছি প্ৰতিবাদ, আন্দোলন নোহোৱাৰ বাবে এই কথাটো বহুতে মিছা বুলিও কব পাৰে। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন কাৰ্যপন্থাৰ সন্দৰ্ভত সৰ্তক দৃষ্টি ৰখা সকলে গম পাই যে, ২০১৬ চনত কেন্দ্ৰীয় চৰকাৰে কেইবাখনো বিধেয়ক গৃহীতৰ বাবে যো জা চলাইছিল। ইয়াৰ ভিতৰতে আছিল নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬। অসমৰ বাহিৰত আছিলো যদিও চৰকাৰৰ বহু কাৰ্যপন্থাৰ বিষয়ে আমি কেইজনমান বন্ধুয়ে সদায়ে দৃষ্টি ৰাখিছিলো। আৰু সকলোবোৰ চালি-জাৰি চাই অৱশেষত সিদ্ধান্ত ল'লো যে, অসমলৈ পুনৰ উভতি যোৱাই ভাল হব।'

'ভৱামতেই অসমলৈ উভতি আহিলো। অসমলৈ আহি মনলৈ আহিল যে, বিদেশীৰ বোজা নলও বুলি আমি প্ৰতিবাদ কৰিলেও পৰোক্ষভাৱে বহু বিদেশীক আমিয়ে ৰাজ্যলৈ আনো। গতিকে মই প্ৰথমে এখন পাণ দোকান আৰম্ভ কৰিলো গুৱাহাটীৰ লাখটকীয়াত। এতিয়া দোকানখনৰ বিক্ৰী ভাল। সেই দোকানখনেই এতিয়া মোৰ জীৱিকাৰ সম্বল। হাত-ভৰি থকালৈকে কোনো কামলৈ লাজ নকৰাকৈ কামবোৰ কৰি যাম। অনা অসমীয়াৰ বজাৰখন অসমীয়াৰ হাতলৈ প্ৰথমে আনিবই লাগিব।'

'চাকৰি এৰাৰ পিছতে কেবৰ বিৰুদ্ধে বৰ বেছি প্ৰতিবাদ মই অসমত দেখা নাছিলো। কিন্তু অসমত যে অসমীয়াগিৰি কেনেকৈ চলিব তাক লৈ মই কিছু কাম তলে তলেই কৰি গৈছিলো। বহু অসমীয়া ডেকাৰ সৈতে আমি কৰিব পৰা কামৰ বিষয়ে আলোচনাও কৰিছিলো। তেনেদৰে বহুকেইজন অসমীয়া ডেকাই সংস্থাপনো লাভ কৰিছে। চাকৰি এৰা প্ৰায় ১ টা বছৰৰ পাছতহে ৰাজ্যত কেব বিৰোধী আন্দোলন তীব্ৰতৰ হৈ উঠিল। অসমীয়া জাতিৰ অস্তিত্বৰ সংগ্ৰামত মই তেতিয়াৰ পৰাই সক্ৰিয়ভাৱে জড়িত আছো।'

আমি তেওঁক সুধিছিলো, সেনা বাহিনীৰ চাকৰি সাধাৰণতে এৰি আহিলেও এক পেন্সনৰ ব্যৱস্থা আছে। আপুনি সেই পেন্সনৰ পৰাই হয়তো ওৰেটা জীৱন সুন্দৰভাৱে কটাব পাৰিব! উত্তৰত তেওঁ কলে, আপুনি ভুল ভাৱিছে। আপোনাৰ দৰেই সকলোৱে মোক তেনেকৈয়ে ভাৱে। সেনা বাহিনীৰ চাকৰি বাদ দি এতিয়া মই এটা মোটা অংকৰ পেন্সন পাই আছো। কিন্তু চাকৰি এৰাৰ সময়ত মোৰ তেনেকুৱা একো ভাৱ নাছিল। কোনোবাই বিশ্বাস নকৰিলেও, এয়াই সত্য।

আমাৰ জ্ঞাৰ্তাথে তেওঁ জনালে যে, আমাৰ দেশত সেনা বাহিনীৰ চাকৰি এৰি অহা জোৱানক পেন্সন প্ৰদান কৰা হয় যদিও কিছুমান ইয়াতো কিছুমান নিয়ম থাকে। সেনা বাহিনীত অতিকমেও ১৫ বছৰ কাৰ্যকাল পাৰ কৰি চাকৰি এৰা জোৱানকে প্ৰদান কৰা হয় পেন্সন। ইয়াৰ আগতে চাকৰি ইস্তাফা দিয়া সকলক প্ৰদান কৰা নহয় কোনো পেন্সন।' তেওঁ কলে, ইস্তাফা দিয়া লৈকে ভাৰতীয় সেনা বাহিনীত মোৰ চাকৰি কাল হৈছিল ১৪ বছৰ ২ মাহ। গতিকে সেনা বাহিনীৰ নিয়ম অনুসৰি মই কোনো পেন্সন নাপাও। আৰু যদি ৪ টা মাহ থাকিলো হয়, তেতিয়াও কিবা এটা আশা আছিল, কিন্তু মোৰ সেইবোৰলৈ কোনো আশা নাছিল।'

ৰাজপথৰ কাষতে ৰৈ তেওঁ আমাৰ সৈতে এই কথাখিনি পাতিছিল। তেওঁ জনালে এই অসম ভ্ৰমণৰ পাছত তেওঁ চাইকেল লৈয়েই ৰাওনা হব দিল্লীলৈ। অসমবাসীৰ বতৰা দিল্লীয়েও শুনিব লাগিব বুলি তেওঁ কলে। দিল্লী যাত্ৰাৰ বাবে তেওঁ আনুষ্ঠানিক সকলো যাৱতীয় কাম-কাজ কৰিয়েই থৈছে। ফোন কটাৰ আগত তেওঁ কলে, ৰাজ্যবাসীৰ প্ৰতিবাদলৈ পিঠি দি কেন্দ্ৰীয় চৰকাৰে এই বিধেয়ক গ্ৰহণৰ ক্ষেত্ৰত সৰ্বশক্তি প্ৰয়োগৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে শাসক দল বিজেপিয়ে। ৰাজপথৰ আন্দোলনৰ বাহিৰেও আমি আইনী যুঁজখনৰ বিষয়েও প্ৰস্তুত হোৱা উচিত।' ইয়াৰ পাছতে ফোনৰ যোগাযোগ বিচিন্ন হৈছিল। কেবৰ বিৰুদ্ধে ১ ডিচেম্বৰৰ পৰা আৰম্ভ কৰা এই অসম ভ্ৰমণ কেতিয়া অন্ত পৰিব সেয়া সোধা নহল।

কেবৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰাক্তন বায়ু সেনা জোৱানগৰাকীৰ পৰিচয় এতিয়ালৈকে দিয়া নহ'ল। তেওঁৰ নাম হিমাংশু গগৈ। শিৱসাগৰৰ চাৰিঙত তেওঁৰ ঘৰ। পৰিয়ালেও এই সংগ্ৰামৰ বাবে তেওঁক জনাইছে পূৰ্ণ সহযোগিতা। মুৰত গামোছা বান্ধি শ শ কিলোমিটাৰ চাইকেল মাৰিও তেওঁ যেন ভাগৰা নাই। কেতিয়াবা গছৰ তলত, কেতিয়াবা পথৰ কাষৰ দোকানত তেওঁ জিৰাইছে। মাজে মাজে ফেচবুকত আপলোড কৰিছে কিছু ফটো, লিখিছেঃ অসমী আইৰ বুকুত অলপ জিৰণি, তোমাৰ গোন্ধই যে কত শক্তি দিয়ে…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in