শেহতীয়া খবৰ
বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনা, ওদালগুৰিত ক'ত কেনেকুৱা নিৰাপত্তা বেষ্টনী...  •  হিমাচলপ্ৰদেশৰ মানালী-কেইলং সংযোগী পথত পুনৰ যান-বাহন চলাচল আৰম্ভ...  •  গোৱালপাৰাতেই ছুইজাৰলেণ্ড! ক’ত আছে এই মনোৰম ঠাই...  •  ৰূপালী পৰ্দাৰ পি এম নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গোচৰ!  •  ইভিএমৰ টেম্পাৰিঙক লৈ চিন্তিত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী!  •  হঠাৎ কিয় সুমতি হ’ল আম্বানীৰ? লোকসভা নিৰ্বাচনৰ ঘোষণাৰ পূৰ্বে ৰাহুলৰ বিৰুদ্ধে তৰা ৫০০০ কোটি টকীয়া মানহানিৰ গোচৰ প্ৰত্যাহাৰ...  •  বেজেৰাৰ সেহেনিপাৰাত জব্দ তেজপুৰৰ পিকআপ ভান, বাইহাটা থানালৈ অনাৰ পাছত অন্তৰ্ধান চালকসহ ২ যাত্ৰী...  •  ইভিএম ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি লওকঃ উপেন্দ্ৰ কুশবাহা, VIDEO  •  দিল্লীৰ অশোক হোটেলত এনডিএ নেতৃত্বৰ নৈশ ভোজন  •  পুৰণিগুদাম মিকিৰহাট নামঘৰৰ নৱনিৰ্মিত ভৱন উদ্ধোধন...

২৩ এপ্ৰিলত ভোট দিবলৈ অসমলৈ আহিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিং

236

ডিজিটেল ডেস্কঃ ভোট দিবলৈ অসমলৈ আহিব দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিং। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ২৩ এপ্ৰিলত সপত্মীৰ সৈতে গুৱাহাটীত উপস্থিত হ’ব দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। মহানগৰীৰ দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটদান কৰিব মনমোহন সিঙে। প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনক লৈ দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ক নতুন ৰূপ দিয়াৰ লগতে নিৰাপত্তাৰ দিশতো চকু ৰাখিছে প্ৰশাসনে।

ইফালে সিঙৰ আগমনক ব্যস্ততা বাঢ়িছে সৰুমটৰীয়াৰ উদং ভাড়াঘৰতো। ভাড়াঘৰলৈ যোৱা বাট-পথ মুকলি কৰাৰ লগতে ঘৰটোৰ চাৰিওকাষে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। ভোটদান কৰি মনমোহন সিং সৰুমটৰীয়াস্থিত এই ভাড়াঘৰতোলৈ যোৱাৰো সম্ভাৱনা আছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি