ড০ হীৰেণ গোঁহাই দেশদ্ৰোহী! বৰাকৰ দেশদ্ৰোহীলৈ দৰদ কিয় চৰকাৰৰ?

ড০ হীৰেণ গোঁহাই দেশদ্ৰোহী! বৰাকৰ দেশদ্ৰোহীলৈ দৰদ কিয় চৰকাৰৰ?

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি উদ্বাত্ত ভাষণ দিয়াৰ বাবেই বিশিষ্ট চিন্তাবীদ হীৰেণ গোঁহাইৰ বিৰুদ্ধে চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিছিল। কিন্তু একাংশ লোকে ভাৰত বিৰোধী শ্ল'গান দিয়াৰ পাছতো তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে গোচৰ ৰুজু কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ২০১৫চনতেই কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক মহিবুল হকে দিছিল ৰাষ্ট্ৰ বিৰোধী শ্ল'গান।

ধুবুৰীত এই ৰাষ্ট্ৰদ্ৰোহী কাৰ্যত লিপ্ত হোৱাৰ বাবেই তেতিয়াৰ আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহাইকে ধৰি আৰক্ষী উচ্চপদস্থ বিষয়াৰ ওচৰত এজাহাৰ দাখিল কৰিছিল এটা বে-চৰকাৰী সংগঠনে। কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে ৯৯/২০১৫ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছিল যদিও, এই ৰাষ্ট্ৰদ্ৰোহত লিপ্ত বিধায়কজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অসম আৰক্ষীয়ে।

সাংবাদিক ৰাজীৱ ভট্টাচাৰ্যই আনকি দুজনকৈ আৰক্ষী সঞ্চালক প্ৰধানক এই বিষয়ে সোঁৱৰাই দিছিল যদিও, আৰক্ষীয়ে এই নেতাগৰাকীৰ বিৰুদ্ধে কোনো পদক্ষেপেই গ্ৰহণ নকৰিলে। ৰাজীৱ ভট্টাচাৰ্যই আৰক্ষী সঞ্চালক প্ৰধানলৈ ২৭ ডিচেম্বৰ, ২০১৬ত প্ৰেৰণ কৰা ই-মেইল আছিল এইটো-

যি সময়ত বৰাকতো অসম আৰু অসমীয়াৰ বিৰুদ্ধে মন্তব্য কৰাৰ বাবে বৰাকৰ এজন নেতাৰ বিৰুদ্ধে শুকুৰবাৰে গোচৰ ৰুজু কৰা হৈছে। যি অসম আৰক্ষীয়ে প্ৰতিবাদী সভাত ভাষণ দিয়াৰ বাবে বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোঁহাইৰ লগতে আন দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাত তিনিওজনে জামিন পৰ্যন্ত ল'ব লগা হৈছে। তেনে সময়ত এই বৰাকৰ বিতৰ্কিত মন্তব্য কৰা নেতাজনৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ব্যৱস্থা ল'ব পাৰিব নে নাই তাক লৈ প্ৰশ্ন উঠিছে।

সাম্প্ৰতিক পৰিবেশ-পৰিস্থিতিত নাগৰিকত্ব বিধেয়কক লৈ ৰাজ্যৰ পৰিৱেশ উত্তপ্ত হৈ আছে, তেনে সময়ত এজন বৰাকৰ নেতাই অসম বিশ্ববিদ্যালয়ত অসমীয়া ছাত্ৰক পঢ়িবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে। এনে বিতৰ্কিত মন্তব্যই অসমত অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে অসমীয়া-বাঙালীৰ মাজত সংঘাতময় পৰিস্থিতি সৃষ্টি কৰাৰ সম্ভাৱনাই দেখা দিছে।

তেনে সময়তে অসম আৰক্ষীয়ে বা অসম চৰকাৰে বিতৰ্কিত এই বৰাকৰ নেতাজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে। লগতে ৰাষ্ট্ৰ বিৰোধী শ্ল'গান দি যোৱা আঢ়ৈ বছৰৰো অধিক কাল আৰক্ষীৰ জেৰাৰ সন্মুখীন হোৱা কংগ্ৰেছৰ প্ৰাক্তন বিধায়কগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে বুলিও চৰ্চা চলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in