দেওবাৰে দুপৰীয়া ২.৩০ বজাত সম্পন্ন হ’ব শীলা দীক্ষিতৰ অন্ত্যোষ্টিক্ৰিয়া…

দেওবাৰে দুপৰীয়া ২.৩০ বজাত সম্পন্ন হ’ব শীলা দীক্ষিতৰ অন্ত্যোষ্টিক্ৰিয়া…

ডিজিটেল ডেস্কঃ শনিবাৰে দেহাৱসান ঘটা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী শীলা দিক্ষীতৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব দেওবাৰে দুপৰীয়া প্ৰায় ২.৩০ বজাত। নিগম ঘাটত অন্তিম সৎকাৰ সম্পন্ন হ'বলগীয়া শীলা দীক্ষিতৰ পাৰ্থিৱ শৰীৰ বৰ্তমান তেওঁৰ নিজামুদ্দিনস্থিত বাসগৃহত ৰখা হৈছে।

জ্যেষ্ঠ প্ৰভাৱশালী নেত্ৰী গৰাকীক অন্তিম দৰ্শন আৰু শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিবলৈ তেওঁৰ বাসগৃহত উপস্থিত হৈছে সহস্ৰাধিক গুণমুগ্ধ। কংগ্ৰেছ, বিজেপিকে ধৰি ৰাজনৈতিক দল সমূহৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই দেওবাৰে শীলা দীক্ষিতক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীয়েও পুৱা নিজামুদ্দিনস্থিত শীলা দীক্ষিতৰ বাসগৃহত উপস্থিত হৈ জ্যেষ্ঠ কংগ্ৰছ নেত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও দেওবাৰে কংগ্ৰেছ নেত্ৰীগৰাকীক অন্তিম দৰ্শন কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

কংগ্ৰেছ নেত্ৰী তথা ইউপিএৰ অধ্যক্ষ ছোনীয়া গান্ধীয়ে শীলা দীক্ষিতৰ দেহাৱসানত শোক ব্যক্ত কৰি তেওঁৰ দৰে এগৰাকী নেত্ৰী কংগ্ৰেছত থকাটো কংগ্ৰেছৰ সৌভাগ্য বুলি ব্যক্ত কৰে। ইফালে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়েও শীলা দীক্ষিতলৈ শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। শীলা দীক্ষিতৰ মৃত্যু কংগ্ৰেছৰ বাবে এক পূৰাব নোৱাৰা ক্ষতি বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে।

উল্লেখ্য যে, শুকুৰবাৰে হৃদযন্ত্ৰৰ অস্বাভাৱিক স্পন্দনৰ বাবে শীলা দীক্ষিতক ফৰ্টিছ এছক'ৰ্ট হাৰ্ট ইনষ্টিটিউত ভৰ্তি কৰা হৈছিল। তাতেই চিকিৎসাধীন অৱস্থাত শনিবাৰে আবেলি ৩.৫৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in